মহাশিৱৰাত্ৰিত মুকলি হ’ল অসমৰ সবাতোকৈ উচ্চতাৰ শিৱ মূৰ্তি।

Nalbari Statue

আজি মহা শিৱৰাত্রি। নলবাৰীত মুকলি হল অসমৰ ভিতৰতে সবাতোকৈ উচ্চতাৰ শিৱ মূৰ্তি। ৯১ ফুট ওখ এই শিৱ মূৰ্তিটো ভাৰতৰ ভিতৰতে ষষ্ঠতম উচ্চতাৰ মহাদেৱৰ মূৰ্তি। নলবাৰীৰ শ্ৰীশ্ৰী বাবা দুধনাথ খাৰঝাৰা আশ্ৰমৰ সমীপত এই শিৱ মূৰ্তিটো চিমেণ্ট আৰু শিলেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।

জানিব পৰা মতে এই মূৰ্তিটো নিৰ্মাণ কৰোতে মুঠ ৩২ লাখ টকা ব্যয় হৈছে। এই খৰচ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে ব্যয় কৰে। অসমৰ আটাইতকৈ ওখ এই শিৱ মূৰ্তিটো খনিকৰ প্ৰদীপ পাল আৰু তেওঁৰ ২০ গৰাকী কৰ্মচাৰীৰ দ্বাৰা সাজি উলিওৱা হৈছে।

Category