পাকিস্তানত সংঘটিত এক আত্মঘাতী বোমা বিস্ফোৰণ। পাকিস্তানৰ পেছাৱাৰৰ পুলিচ লাইন মছজিদত সংঘটিত এই বোমা বিস্ফোৰণত নিহত ১৭ জনকৈ লোক আৰু ৯০ জনৰো অধিকলোক গুৰুতৰভাৱে আহত হৈছে। আক্ৰমণকাৰীয়ে মছজিদৰ ভিতৰত নিজকে উৰুৱাই দি বিস্ফোৰণটো সংঘটিত কৰে।
নিৰাপত্তা বিষয়াসকলৰ মতে, প্ৰাৰ্থনাৰ সময়ত আত্মঘাতী বোমাৰুজন সন্মুখৰ শাৰীত আছিল। এই সময়ছোৱাত, তেওঁ নিজকে উৰুৱাই দিছিল, যাৰ ফলত প্ৰাৰ্থনা কৰা বহু ভক্ত আহত হৈছিল। আহতসকলক পেছাৱাৰৰ লেডী ৰিডিং হস্পিতালত ভৰ্তি কৰোৱা হৈছে।
Category
- Log in to post comments