দিল্লীত শীতে ভংগ কৰিলে ১০ বছৰৰ অভিলেখ! পাঁচ দিনলৈকে অব্যাহত থাকিব শীত প্ৰবাহ

Delhi Fog

দেশৰ বিভিন্ন ৰাজ্যত শীত প্ৰবাহে কালান্ত ৰূপ ধাৰণ কৰিছে। । উত্তৰ-পশ্চিম ভাৰতৰ কিছু অংশ নিৰন্তৰ শীত প্ৰবাহৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। শীত প্ৰবাহে ৰাজধানী চহৰ নতুন দিল্লীতো কালান্ত ৰূপ লৈছে। দিল্লীৰ শীতে এইবাৰ ১০ বছৰ পুৰণি অভিলেখ ভংগ কৰিছে। 

 

ৰাজধানী চহৰ খনত  অহা পাঁচ দিনলৈকে প্ৰবাহ অব্যাহত থাকিব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।দেওবাৰে সন্ধিয়াৰে পৰা ঘন কুঁৱলীৰ বাবে দিল্লীত দৃশ্যমানতা ২০ ঘণ্টাতকৈও অধিক সময়ৰ বাবে প্ৰায় শূন্য আছিল। 

 

ঘন কুঁৱলীৰ বাবে দিল্লী বিমানবন্দৰৰ পৰা ২০০ খনতকৈও অধিক বিমানৰ চলাচল  বিলম্বিত হৈছিল আৰু দিল্লী অভিমুখী পাঁচখন বিমান জয়পুৰলৈ স্থানান্তৰিত কৰা হৈছিল। কুঁৱলীৰ বাবে ৭০ খনতকৈও অধিক ৰে'ল বিলম্বিত হৈছে। । বতৰ বিজ্ঞানীসকলে কৈছিল যে মঙলবাৰে নিশাৰ পৰা কুঁৱলী সামান্য হ্ৰাস পাব।

 

Category
Profile picture for user UB Photos