সলনি হ’ব ৰাজ্যপালৰ ঠিকনা, ৰাজভৱনৰ সলনি ৰাজনিবাস

HBS

নির্মাণকার্য সম্পূৰ্ণ হোৱাৰ লগে লগে বৰ্তমানৰ ৰাজভৱনৰ পৰা অত্যাধুনিক ৰাজনিবাসলৈ স্থানান্তৰ কৰা হ'ব ৰাজ্যপালৰ চৰকাৰী বাসভৱন। মুঠ ৪১ কোটি ৩২ লাখ ৫১ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই ৰাজনিবাসৰ নির্মাণকার্য সম্পূৰ্ণ কৰাৰ লক্ষ লোৱা হৈছে ১৮ মাহৰ ভিতৰত। প্ৰায় ৯৬৩১ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ কৰিবলগীয়া এই ৰাজনিবাসৰ আজি ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।
এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়, আজি কামৰূপত ১৭৭৭ কোটি টকাৰ প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছে। ভূমি পূজনৰ জৰিয়তে আজিৰে পৰা কাম আৰম্ভ কৰা হ, পূৰণি ৰাজভৱনত ভূমিস্খলন আশংকা থকাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। ৰাজ ভৱনলৈ প্ৰত্যাহ্বান আহি পৰিছিল, হোটেল বেলি ভিউৰ মাটি অধিগ্ৰহণ কৰি ৰাজ নিবাস স্থাপন কৰা হৈছে। হোটেলক মালিকক উচিত মূল্য দিয়া হৈছে। ১৮ মাহৰ ভিতৰত এই প্ৰকল্প সম্পন্ন কৰা হবনিৰ্ধাৰিত সময়ত সপন্ন হব।

 

 

Category
Profile picture for user UB Photos