আকৌ এবাৰ ইতিহাস সৃষ্টি কৰিলে ISRO-ই! উৎক্ষেপণ কৰিলে ৮টা নেনো উপগ্ৰহৰ সৈতে অ’চেনছেট-৩

ISRO

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO)আকৌ এবাৰ ইতিহাসৰ সৃষ্টি কৰিলে।আজি  শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ স্থানৰ পৰা অ’চেনছেট-৩ উৎক্ষেপণ কৰে। এই উৎক্ষেপণ PSLV ৰকেটৰ সহায়ত পুৱা ১১:৫৬ বজাত কৰা হৈছিল। PSLV-C54 এ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহৰ লগতে আন ৮টা উপগ্ৰহও লৈ গৈছে।

ইছৰোৰ অধ্যক্ষ এছ. সোমনাথে কয় যে PSLV-C54-এ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহটোক নিজৰ লক্ষ্য কক্ষপথত সফলতাৰে স্থাপন কৰিছে। পিএছএলভি-চি৫৪ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহৰ লগতে ৮টা নেনো উপগ্ৰহও উৎক্ষেপণ কৰা হয়। ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে ইয়াৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পূৰ্ব নিৰ্ধাৰিত সময়ত পুৱা ১১.৫৬ বজাত ২৫.৩০ ঘণ্টাৰ কাউণ্টডাউনৰ অন্তত ৪৪.৪ মিটাৰ উচ্চতাৰ ৰকেটখন উৰি যায়।

সোমনাথে কয় যে PSLV-C54 উৎক্ষেপণৰ ১৭ মিনিট পিছত আকাংক্ষিত কক্ষপথত উপনীত হোৱাৰ পাছত পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ বা অ’চেনছেটক সফলতাৰে ৰকেটৰ পৰা পৃথক কৰি কক্ষপথত স্থাপন কৰা হয়। বিজ্ঞানীসকলে ৰকেটটো নমাই পিএছএলভি-চি৫৪ৰ লগত অহা আন উপগ্ৰহবোৰক বেলেগ কক্ষপথত স্থাপন কৰিব আৰু এই অনুশীলনত প্ৰায় দুঘণ্টা সময় লাগিব বুলি আশা কৰা হৈছে। এই বছৰৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ্ এইটোৱেই শেষ অভিযান।
 

Category
Profile picture for user UB Photos