
প্ৰত্যেকজন মানুহেই সাধাৰণতে গেছৰ অসুবিধাৰ সন্মুখীন হয়। হজম শক্তি হ্ৰাস পালে গেছৰ সৃষ্টি হয়।
ক) গেছৰ পৰা হাত সাৰিবলৈ খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা গ্ৰহণ কৰিব লাগে। খোৱাৰ সময় সদায় নিৰ্দ্দিষ্ট হ'ব লাগে।
খ) যিকোনো খাদ্য গ্ৰহণ কৰাৰ সময়ত পানী খোৱাৰ পৰা বিৰত থাকিব লাগে। খাদ্য খোৱাৰ কমেও এঘন্টাৰ পিছতহে পানী খোৱাৰ অভ্যাস কৰিব লাগে। খাদ্য খোৱাৰ সময়তে পানী খোৱাৰ সময়তে পানী খালে হজম শক্তিত ব্যাঘাত জন্মে।
গ) গেছৰ পৰা হাত সাৰিবৰ বাবে এচামুচ মৌৰ সৈতে আধা চামুচ মিচিৰি মিহলাই খাব পাৰে। ইয়াৰ ফলত হজম প্ৰক্ৰিয়া সহজ হৈ উঠে।
ঘ) কুহুমীয়া পানীত পাঁচ বা ছটা পদিনাৰ পাত মিহলাই খালেও সুফল পাব পাৰি।
ঙ) শোৱা আৰু উঠাৰ সময় সদায় নিৰ্দ্দিষ্ট হ'ব লাগে। টোপনিৰ বাবেও গেছৰ সৃষ্টি হ'ব পাৰে।
চ) ৰাতি সদায় পাতলীয়া আহাৰ খোৱাৰ অভ্যাস কৰিব লাগে। পৰাপক্ষত মাংস বা অন্য তৈলজাতীয় খাদ্য ৰাতি খোৱাৰ পৰা বিৰত থাকিব লাগে।
ছ) প্ৰতিদিনে কমেও এঘন্টাৰ বাবে শৰীৰ চৰ্চা কৰিলে গেছ বা এচিডিটিৰ পৰা হাত সাৰিব পাৰি।
- Log in to post comments