ৰাতি পাত শাক খোৱাতো স্বাস্থ্যৰ বাবে উপকাৰী নে হানিকাৰক?

Health Tips

এতিয়া পাত শাকৰ বতৰ। লাই, লফা, পালেঙে ভৰি পৰিছে বজাৰ। কিন্তু ৰাতি বাৰু আপুনি পাত শাক খায় নেকি? ৰাতি পাত শাক খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক হ'ব পাৰে। কাৰণ এইবিলাকে কেতিয়াবা পাচন ক্ৰিয়াত খেলি-মেলি সৃষ্টি কৰিব পাৰে, গেছ, এচিডিটি বা বদহজম হ'ব পাৰে। যিসকলৰ গেছৰ সমস্যা আছে তেঁওলোকে ৰাতি পাত শাক একেবাৰে নোখোৱাই  ভাল। ৰাতি আমাৰ শৰীৰে বিশ্ৰাম লয় আৰু পাচনতন্ত্ৰকো বিশ্ৰামৰ প্ৰয়োজন হয়। কিন্তু পাতোশাকত থকা ফাইবাৰ হজম কৰিবলগীয়া হ'লে পাচনতন্ত্ৰই বেছি কাম্ কৰিবলগীয়া হয় আৰু ই টোপনিত ব্যাঘাত জন্মাব পাৰে। 

Category
Profile picture for user UB Photos