শোকাৱহ! নলবাৰীত ৰাস চাবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল ৮ জনকৈ যুৱকৰ

Nalbari accident

ৰাসৰ আনন্দ-উল্লাহৰ মাজতে নলবাৰীত শোকাৱহ পথ দুৰ্ঘটনা। পুৱতি নিশা ৩ বাজি ৪৫ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গৈছে নলবাৰী। বানেকুছিত সংঘটিত পথ দুৰ্ঘটনাত নিহত হয় ৪ জনকৈ যুৱকৰ। দুৰ্ঘটনা সংঘটিত বাহনখনৰ নম্বৰ AS01-BG-5995। হাউলীত ৰাস চাই উভতিছিল ৮ জনকৈ যুৱক। বিজয় নগৰৰ পৰা হাউলীত ৰাস চাবলৈ গৈছিল যুৱককেইজন। দলঙৰ ৰেলিঙত বাহনখনে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা। গাড়ী কাটি উলিয়াব লগা হৈছে যুৱক কেইজনক। দুৰ্ঘটনাস্থলীতে নিহত জাহেদুল ৰহমান, অজিত চহৰীয়া, ৰাহুল আলী আৰু প্ৰণৱ হালৈ নামৰ ৪ জনকৈ যুৱক। আনহাতে আহত অভিজিত, সীমান্ত, শংকৰক ভৰ্তি কৰোৱা হয় হাস্পাতালত। জানিব পৰা মতে, দুৰ্ঘটনাত পতিত যুৱক কেইজনৰ ঘৰ মিৰ্জাত।

Category
Profile picture for user UB Photos