জ্ঞানপীঠ বটা বিজয়িনী মামণি ৰয়চম গোস্বামীৰ আজি উপজা দিন।

Mamoni Raisom Goswami

আজি জ্ঞানপীঠ বটা বিজয়িনী মামণি ৰয়চম গোস্বামীৰ জন্মদিন। মামণি ৰয়চম গোস্বামীৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰ তাৰিখে কামৰূপত। মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ হাতত কলম তুলি লৈছিল। ড০ মামণি ৰয়চম গোস্মামী এগৰাকী সফল গল্পকাৰ, উপন্যাসিক আৰু কবি আছিল। ১৯৫৫ চনত কীৰ্তিনাথ হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত নতুন অসমীয়াৰ পাতত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল মামণি ৰয়চম গোস্বামীয়ে। ১৯৬২ চনত তেওঁৰ প্ৰথম গল্প সংকলন 'চিনাকী মৰম' প্ৰকাশ পায়। তেতিয়াৰে পৰা ২০১০ চনলৈকে প্ৰায় পাঁচ দশকত তেওঁ কেইবাখনো উৎকৃষ্ট মানদণ্ডৰ গল্প ৰচনা কৰি অসমীয়া চুটিগল্পৰ ভঁৰাল টনকিয়াল কৰি গৈছে। 

Category
Profile picture for user UB Photos