আজি ২০২২ বৰ্ষৰ অন্তিম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ।ইউৰোপ,এছিয়া মহাদেশ, ভাৰতৰ লগতে অসমৰ আকাশতো দৃশ্যমান হ'ব গ্ৰহণ। ভাৰতীয় সময়মতে বিয়লি ২.৩৯ মিনিটৰ পৰা আৰম্ভ হ'ব গ্ৰহণ। ৬.১৯ মিনিটত শেষ হ'ব চন্দ্ৰগ্ৰহণ। গুৱাহাটীৰ আকাশত গ্ৰহণ দৃশ্যমান হ'ব ৪.৩৪ মিনিটত। সেইসময়ত আজিৰ পূৰ্ণিমাৰ চন্দ্ৰটো উজ্জ্বল বগাৰ পৰিৱৰ্তে তাম ৰঙা বৰণীয়া চন্দ্ৰক আকাশত দেখিবলৈ পোৱা যাব। গুৱাহাটীত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ থাকিব সন্ধিয়া ৫.১২ বজালৈকে। গুৱাহাটীৰ আকাশত সৰ্বমুঠ ৩৮ মিনিট সময় পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব। গুৱাহাটীত সৰ্বমুঠ ১ ঘণ্টা ৪৫ মিনিট জুৰি গ্ৰহণ চলি থাকিব। গ্ৰহণৰ অন্ত পৰিব আংশিক গ্ৰহণেৰে ৬.১৯ মিনিটত।
- Log in to post comments