উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনীয়তাক আৱিষ্কাৰ কৰি বিশ্বৰ আগত প্ৰতিষ্ঠা কৰিছে বিজেপিয়ে

Sarbananda Sonowal

বৃহস্পতিবাৰে গুৱাহাটীৰ জ্যোতিকুছিৰ বাসভৱনত সাংবাদিকৰে মত-বিনিময় কৰে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে। এই মত-বিনিময় অনুষ্ঠানতে বিজেপি চৰকাৰে বিগত ৮ বছৰত দেশক অৰ্থনৈতিকভাৱে বিশ্বৰ এখন দ্ৰুত উন্নয়ণশীল ৰাষ্ট্ৰ হিচাপে কেনেদৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে সেই সন্দৰ্ভত বাখ্যা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এইক্ষেত্রত ভাৰত বিশ্বৰ ৫ নম্বৰ স্থানত আছে। বিজেপি চৰকাৰ গঠনৰ পূৰ্বে দহ নম্বৰ স্থানত আছিল ভাৰত। স্বাধীনতাৰ ৭৫ বছৰ পাছত দেশে বিজেপি চৰকাৰৰ দিনত সৰ্বাংগীন বিকাশেৰে প্ৰগতিৰ দিশত ধাৱমান হবলৈ সক্ষম হৈছে বুলি মন্তব্য সোনোৱালৰ।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ পূৱক কিয় অধিক গুৰুত্ব প্ৰদান কৰিছে? সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰত সৰ্বানন্দ সোণোৱালে কয়, ‘প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৰ্বাঞ্চলক এনেয়ে অষ্টলক্ষ্মী আখ্যা দিয়া নাই। যুক্তিনিষ্ঠভাৱে ইয়াক প্ৰতিষ্ঠিত কৰিছে। অষ্টলক্ষ্মীৰ দ্বাৰা দেশৰ বিকাশত গুৰুত্ব দিয়া বাবেই আজি উত্তৰ-পূৰ্বাঞ্চল প্ৰগতিৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছে। দেশৰ বিভিন্ন বিভাগৰ মন্ত্ৰী, তথা বিজেপিৰ কেন্দ্ৰীয় নেতাসকলৰ সঘনাই উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ তাৰেই প্ৰমাণ।’

Former CM


বিজেপি চৰকাৰৰ দিনত দেশৰ প্ৰতিখন ৰাজ্যই যোগাযোগ ব্যৱস্থাৰ যোগেদি উন্নয়ণৰ মুখ দেখিবলৈ সক্ষম হৈছে। যোগাযোগ ব্যৱস্থাৰ উন্নয়ণ অবিহনে এখন ৰাজ্য আৰু দেশৰ প্ৰগতি কেতিয়াও সম্ভৱ নহয়। যোগাযোগ ব্যৱস্থাৰ উন্নয়ণৰ যোগেদি আজি দেশৰ অৰ্থনৈতিক বিকাশ সম্ভৱ হৈছে। কংগ্ৰেছৰ দিনত অসমসহ উত্তৰ-পূৰ্বাঞ্চল অতি পিছপৰি আছিল। যোগাযোগ ব্যৱস্থা নথকা বাবেই উত্তৰ-পূৰ্বাঞ্চল আৱিষ্কাৰ হোৱা নাছিল। নেতাসকল আহিছিল যদিও ৰাজনৈতিক পৰ্যটক ৰূপে আহিছিল। কিন্তু বিজেপি চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনীয়তাক আৱিষ্কাৰ কৰি বিশ্বৰ আগত প্ৰতিষ্ঠা কৰিলে। স্থলপথ আৰু জলপথৰ লগতে আকাশীপথৰ বিকাশ সাধন হোৱাত উত্তৰ-পূৰ্বাঞ্চলে অৰ্থনৈতিকভাৱে বিকশিত হ’বলৈ সক্ষম হৈছে। উত্তৰ-পূৰ্বাঞ্চলত ১৬ টাকৈ বিমান বন্দৰ স্থাপন হৈছে। তদুপৰি জানুৱাৰী মাহৰ পৰা বানাৰসৰ পৰা ডিব্ৰুগড়লৈ বাংলাদেশ হৈ গুৱাহাটীলৈ চাৰি হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ জলপথত বৃহৎ ৰিভাৰ ক্ৰুজ চলাচল কৰিব। ইয়াৰ জৰিয়তে আৰম্ভ হ’ব বিলাসী জলপথৰ দীঘলীয়া যাত্রাৰ আন এক অনন্য পৰিবহন ব্যৱস্থা।

সোনোৱালে লগতে কয় যে প্ৰধানমন্ত্রী মোডীৰ নিৰ্দেশত আজি প্ৰতিগৰাকী মন্ত্রী দিল্লীত বহি নাথাকি দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে। কেৱল ঘূৰি-ফূৰাই নহয় কামৰ খতিয়ান দাঙি ধৰিব লগীয়া হৈছে ৰাজ্যসমূহৰ। প্ৰতিখন ৰাজ্যৰ সমবিকাশত গুৰুত্ব দিয়াৰ বাবেই আজি দেশে বিশ্বৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰসংগক্ৰমে তেওঁ মোডী চৰকাৰৰ বিভিন্ন অভিলাষী পৰিকল্পনা আৰু কাৰ্যপন্থাৰ বিষয়েও তেওঁ উল্লেখ কৰে।

Category
Profile picture for user UB Photos