গাংগুলীৰ স্থান ল'ব ৰ’জাৰ বিন্নীয়ে! বিচিচিআইৰ পৰৱৰ্তী সভাপতি পদত বিন্নী

Roger Binny

বিশ্বৰ আটাইতকৈ ধনৱন্ত ক্ৰিকেট ব'ৰ্ড বিচিচিআইৰ বৰ্তমানৰ সভাপতি সৌৰভ গাংগুলীৰ কাৰ্যকাল ইতিমধ্যে সমাপ্ত হৈছে। একেলগে দুটাকৈ কাৰ্যকাল বিচিচিআইৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত গাংগুলীয়ে পুনৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

ইতিমধ্যে যোৱা মাহতে কাৰ্যকাল অন্ত পৰাৰ পাছত গাংগুলীয়ে এইবাৰ আইচিচিৰ অধ্যক্ষ পদৰ বাবে ভাৰতৰ প্ৰতিনিধি হিচাপে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাৰ (কেএছচিএ) প্ৰতিনিধি হিচাপে ১৮ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে বিচিচিআইৰ খচৰা ভোটাৰ তালিকাত অলপতে বিন্নীৰ নাম প্ৰকাশ পাইছিল। 

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সূত্ৰ অনুসৰি বিজেপি বিধায়ক আশীষ শ্বেলাৰ অৰুণ ধুমলৰ ঠাইত কোষাধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে।

বিচিচিআইৰ বৰ্তমানৰ সম্পাদক জয় শ্বাহে গুজৰাট ক্ৰিকেট সংস্থাক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে আৰু কোষাধ্যক্ষ অৰুণ ধুমলক হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েশ্যনে এজিএমত ৰাজ্যিক সংস্থাক প্ৰতিনিধিত্ব কৰিবলৈ মনোনীত কৰিছে। ধুমল এতিয়া ব্ৰিজেশ পেটেলৰ ঠাইত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) পৰিচালনা পৰিষদৰ পৰৱৰ্তী অধ্যক্ষ হোৱাৰ দৌৰত আছে।

Category
Profile picture for user UB Photos