কিছু সময়ৰ পিছতে গুৱাহাটী পাবহি ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল!

India

অহা ২ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচৰ বাবে আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল।

জানিব পৰা মতে, আজি বিয়লি ৪.৫৫ মিনিটত চাৰ্টাৰ্ড বিমানেৰে থিৰুৱন্থপুৰমৰ পৰা গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব। 

অসম ক্ৰিকেট সন্থাই জনোৱা মতে দুয়োটা দল গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত থাকিব।

উল্লেখ্য যে বৰ্ষাপাৰত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বাবে ইতিমধ্যেই শেষ হৈছে টিকট। বুক মাই শ্ব’ৰ জৰিয়তে অনলাইনত ২০৪৮৯টা টিকট দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছিল।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে দক্ষিণ আফ্ৰিকাক ৮ উইকেটত পৰাস্ত কৰে।

Category
Profile picture for user UB Photos