২৬ হাজাৰ নিযুক্তিত যদি এটাও খেলিমেলি ওলাই, আমি সিদিনাই চৰকাৰ এৰি দিমঃ হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma

আজি খানাপাৰত ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহ। ২৪টা বিভাগত ১১,২৩৬ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। 

সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযূষ হাজৰিকা, ৰণজিত দাস, কেশৱ মহন্ত, অতুল বৰাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক।

নিযুক্তি পত্ৰ বিতৰণ কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে প্ৰদান কৰা হ’ব এই নিযুক্তিপত্ৰ।

appointment letter

নিযুক্তি সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই ৰাজ্যত থাকি অসমৰ বিৰোধিতা কৰা দিন উকলি গ’ল। নেতিবাচক চিন্তাৰ এতিয়া স্থান নাই। নিৰ্বাচনৰ সময়ত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলো। প্ৰতিশ্ৰুতি পূৰণৰ জৰিয়তে ৰাজ্যখন বিকশিত কৰি তুলিম। তৃতীয়বাৰৰ বাবে ২৪টা বিভাগৰ ১১,২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। আজি কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ বাবে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে প্ৰাৰ্থীসকলে। যেতিয়ালৈ ১ লাখ নিযুক্তি সম্ভৱ নহয় তেতিয়ালৈ এনেকুৱা সভা হৈ থাকিব।’’

মুখ্যমন্ত্ৰীয়ে কয়, ফৰেষ্ট বেটেলিয়নৰ বাবে এটা বেটেলিয়ন গঠন হ’ব। যিসকলে আৰক্ষীত নিয়োগ লাভ কৰা নাই তেওঁলোকে তাতে নিয়োগৰ চেষ্টা কৰক। এতিয়ালৈ ৫শৰো অধিক অনুকম্পামূলক নিযুক্তি প্ৰদান সম্ভৱ হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

নিয়োগ লাভ কৰা প্ৰাৰ্থীলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান কৰি কয়, প্ৰথম লাভ কৰা দৰমহাৰে মা-দেউতাক উপহাৰ, দ্বিতীয়তে গাঁৱৰ নামঘৰত বৰঙণি আৰু তৃতীয় মাহত নিজ বিদ্যালয়খনত এটা সহায় কৰক।

নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, চাকৰিৰ এখন ডাঙৰ বজাৰ চলি আছিল। এয়া নিকা আৰু স্বচ্চ কৰিবলৈ যাওঁতে বহু বাধা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো। টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত দলৰ ভিতৰত–বাহিৰত বাধাৰ সন্মুখীন হৈছিলো। আজি মুখ্যমন্ত্ৰী অথবা শিক্ষামন্ত্ৰী থাকক নাথকক, কিন্তু নিকা ব্যৱস্থাৰ মাজেৰে নিয়োগৰ ধাৰা আৰম্ভ হৈছে। মা গংগাৰ দৰে নিকা আৰু স্বচ্ছ হ’ব লাগিব আৰক্ষী নিযুক্তি প্ৰক্ৰিয়া। শেহতীয়া ২ নিযুক্তি নিকা–স্বচ্ছ হৈছে। ইয়াত আৰু কোনেও কলংক সানিব নোৱাৰে। লোকসেৱা আয়োগত চাকৰি লাভৰ বাবে ধনৰ লেনদেন নচলে।

Category
Profile picture for user UB Photos