নিয়ম উলংঘনকাৰী চালকসকলক এসেকা দিবলৈ পুনৰ সৰব হৈ উঠিছে অসম আৰক্ষী!

Assam Police Rules

আপুনি বাহনখন লৈ ঘৰৰ পৰা ওলাই অহাৰ পূৰ্বে ভালকৈ জানিলওক এইকেইটা কথা।

নিয়ম নমনা চালকৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব অভিযান। সুৰামত্ত চালকসকলক এসেকা দিবলৈ পুনৰ সৰব হৈ উঠিছে অসম আৰক্ষী। ৰাজপথত ব্ৰেথ এনেলাইজাৰ লৈ সাজু হৈছে আৰক্ষী বিভাগ। আগন্তুক পূজাকলৈ কামৰূপ জিলা প্ৰশাসনে জাৰি কৰিছে কেটবোৰ নীতি নিৰ্দেশনা।

উৎসৱৰ প্ৰাকক্ষণত পুনৰ সুৰাপায়ী চালকক ৰুধিবলৈ তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষীৰ লগতে পৰিবহণ বিভাগ। মহালয়াৰ দিনাৰ পৰাই ৰাজপথত চলিব আৰক্ষীৰ অভিযান। আৰক্ষীৰ সমান্তৰালকৈ পৰিবহন বিভাগেও চলাব সজাগতামূলক অভিযান। সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব ১০ হাজাৰ টকা জৰিমনা। লগতে ৩ মাহৰ বাবে বাতিল কৰা হ’ব অনুজ্ঞাপত্ৰ।

Breath Analyser

দ্ৰুত গতিত বাহন চলোৱা, বাহন চলাওতে মোবাইলত ব্যস্ত থকা, পথ পৰিবহন নিয়ম উলংঘা কৰা সকলক অসুৰ আখ্যা পৰিবহন বিষয়া গৌতম দাসৰ। একাংশ নিয়ম নমনা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব আৰক্ষী তথা পৰিবহন বিভাগে।

Category
Profile picture for user UB Photos