ৰাহুল গান্ধীৰ প্ৰেমত পৰিছিল অভিনেত্ৰী কৰীনা কাপুৰ! ৰাহুলৰ সৈতে ডেটত যাব বিচাৰিছিল অভিনেত্ৰী কৰীনাই

Kareena Kapoor Khan & Rahul Gandhi

লাভ লাইফৰ বাবে বিশেষকৈ চৰ্চাত থাকে জনপ্ৰিয় অভিনেত্ৰী কৰীনা কাপুৰ ৷

কেইবাগৰাকীও বলীউড তাৰকাৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বাবে নাম সাঙোৰ খাইছিল কৰীনা কাপুৰৰ ৷ ছাহিদ কাপুৰ, সাইফ আলি খানৰ লগত সম্পৰ্কৰ বাবে সামাজিক মাধ্যমতো চৰ্চাত থাকে অভিনেত্ৰীগৰাকী ৷ কিন্তু ছাহিদ, সাইফৰ বাহিৰেও কৰিনা কাপোৰ Deewana আছিল এজন ৰাজনৈতিক নেতাৰ ৷ সেইজন হৈছে প্ৰদেশ কংগ্ৰেছৰ যুৱনেতা ৰাহুল গান্ধী ৷ কৰিনাই ডেটত যাব বিচাৰিছিল ৰাহুল গান্ধীৰ লগত ৷ সামাজিক মাধ্যমৰ এক বিশেষ সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে কৰীনা কাপুৰে ৷ তেঁও উল্লেখ কৰা অনুসৰি ৰাহুল গান্ধীৰ ডেট কৰাৰ আঁৰত আছিল কৰিনা কাপুৰৰ এক স্মাৰ্ট টেকনিক ৷

Rendezvous With Simi Garewalৰ এটা খণ্ডত ৰাহুল গান্ধীৰ ওপৰত Crush থকাৰ কথা স্বীকাৰ কৰে কৰীনা কাপুৰে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা শ্ব’টোৰ এটা ভিডিঅ’ত ছিমি গ্ৰেৱালে কৰীনা কাপুৰক সুধিছে যে তেওঁ কাক ডেট কৰিব বিচাৰে, ইয়াৰ উত্তৰত কৰীনাই কয়, ‘মই এই কথা ক’ম নে ক’ম নাজানো, কিন্তু মই ৰাহুল গান্ধীক জানিব বিচাৰো আৰু ডেট কৰিব বিচাৰো।’

লগতে কৰীনাই উল্লেখ কৰিছে যে পূৰ্বে ‘আলোচনীত ৰাহুল গান্ধীৰ ফটোবোৰ দেখি ভাবিছিলো তেওঁৰ লগত কথা পাতিলে কেনেকুৱা হ’ব। মই চলচ্চিত্ৰৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছো আৰু তেওঁ ডাঙৰ ৰাজনৈতিক পৰিয়ালৰ। গতিকে আমাৰ মাজত হোৱা কথা-বতৰাও আকৰ্ষণীয় হ’ব বুলি মই ভাবো’।

এতিয়া কৰীনা কাপুৰো বিবাহপাশত আবদ্ধ হৈ ২টা সন্তানৰ মাতৃ । আনহাতে ৰাহুল গান্ধীয়ে সম্প্ৰতি ৰাজনীতিত মনোনিৱেশ কৰিছে। এতিয়া তেওঁলোকৰ মাজত কোনোধৰণৰ সম্পৰ্ক নাই। কেৱল এটা সময়ত সাইফ আলী খানৰ পূৰ্বে কৰীনাৰ ডেটত যাবলৈ মন আছিল ৰাহুল গান্ধীৰ সৈতে।

Category
Profile picture for user UB Photos