কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী আবাসৰ শুভ উদ্বোধন

Cotton University

কটন বিশ্ববিদ্যালয়ৰ নতুনকৈ পুনৰনিৰ্মাণ কৰা শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসটো শুকুৰবাৰে উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভবেশ চন্দ্ৰ গোস্বামীয়ে ৷ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক মহেশ্বৰ কলিতা, ডীন, অধ্যাপকবৃন্দ, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক।

building

১২৬ খন আসনযুক্ত এই হোষ্টেলত ডাবল আৰু ট্ৰিপল শ্বেয়াৰিং ভিত্তিত ৬০ টা কোঠা আছে।  নৱনিৰ্মিত এই ভৱনটো ৬ মহলীয়া আৰু আবাসীসকলৰ বাবে আধুনিক সুবিধাৰে সজ্জিত।  হোষ্টেলৰ শীৰ্ষ দুটা মহলা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আৰু গৱেষক শিক্ষাৰ্থীৰ বাবে আৰু বাকী মহলাকেইটাত স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যৱস্থা কৰা হৈছে।

2
 

পূৰ্বৰ কটন কলেজৰ ২য় মেছ নামেৰে জনাজাত এই হোষ্টেলটো ১৯১৩ চনত ব্ৰিটিছ শাসনৰ সময়ত তেতিয়াৰ কলেজ কৰ্তৃপক্ষই নিৰ্মাণ কৰিছিল।

3

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলটো পুনৰনিৰ্মাণ কৰা পদক্ষেপক আদৰণি জনাইছে কটন পৰিয়ালে।  উল্লেখ্য যে বিশ্বব্যাপী Covid19 মহামাৰীৰ মাজতো মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰতে হোষ্টেলটোৰ পুনৰনিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠে ৷

Category
Profile picture for user UB Photos