গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ জব্দ!

gold

গুৱাহাটী ৰে'ল ষ্টেচনত দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা ৰে'ল আৰক্ষীয়ে প্ৰায় ৮২২ গ্ৰাম চোৰাং সোণৰ বাৰ জব্দ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দিল্লীৰ এজন যুৱককো আটক কৰে। অভিযুক্তজনক বিশাল সুখদেও দাবাদে বুলি চিনাক্ত কৰা হৈছে।

ধৃত লোকজনে প্ৰথমে নিমাতি ঘাটৰ পৰা বাছেৰে গুৱাহাটী লৈ আহিছিল সোন। তাৰপিছত ৰাজধানী এক্সপ্ৰেছ যুগে গুৱাহাটী পৰা দিল্লীলৈ লৈ যোৱা পৰিকল্পনা আছিল। ধৃত লোকজনে সোন খিনি কঁকালত লুকুৱাই আনিছিল।

জিআৰপিৰ এজন বিষয়াই কয়, "আমি দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ (১২৪২৩) পৰা ঘটনাটোৰ সন্দৰ্ভত এজন লোকক আটক কৰিছো, তেওঁ মূলতঃ দিল্লীৰ। প্ৰায় ৮২২ গ্ৰাম ওজনৰ দুটা সোণৰ দণ্ড জব্দ কৰা হৈছিল। সোণৰ দণ্ডবোৰ দুটা দৈৰ্ঘ্যৰ স্কেলৰ আকাৰত গঢ়ি তোলা হৈছিল। সোণৰ দণ্ডবোৰ তেওঁৰ কঁকালৰ বেল্টত লুকুৱাই ৰখা হৈছিল।"

জানিব পৰা মতে, ম্যানমাৰৰ পৰা সোণৰ দণ্ডবোৰ চোৰাংকৈ অনা বুলি সন্দেহ কৰা হৈছে। 

Category
Profile picture for user UB Photos