
Copyright Actৰ অধীনত গ্ৰেপ্তাৰ হ’ল এগৰাকী যুৱতী। মাৰ্ঘেৰিটাৰ পৰা গ্ৰেপ্তাৰ হ’ল ববিতা গগৈ। অসম প্ৰকাশন আৰু বিক্ৰেতা সন্থাই দিয়া গোচৰৰ ভিত্তিতেই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় যুৱতীগৰাকীক ৷
প্ৰকাশন পৰিষদে প্ৰণয়ন কৰা কিতাপ অনুমতি অবিহনে PDF ফাইল বনাই বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে, পানবজাৰ থানাত ৰুজু হৈছে গোচৰ। গোচৰ নম্বৰ হৈছে 166/22। ভাৰতীয় দণ্ডবিধি ধাৰা সন্নিৱিষ্ট হৈছে 66 Copyright Act.1957 আৰু 66 IT Act.
ইয়াৰ পূৰ্বেও একেটা গোচৰত গ্ৰেপ্তাৰ হৈছিল মণ্টু ডেকা নামৰ তিনিচুকীয়াৰ এজন যুৱক।
- Log in to post comments