হত্যা নে মৃত্যু? KKৰ মৃত্যুক Unnatural death’ আখ্যা! কলকাতা আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ…

kk

কিছু মুহুৰ্ত আগলৈকে সুস্থ-সৱল অৱস্থাত গীত গাই দৰ্শকক আপ্লুত কৰা শিল্পী কেকেই অনুষ্ঠানৰ মাজতে অসুস্থ হৈ ক্ষন্তেকৰ ভিতৰতে মৃত্যুকো সাৱটি লয় ৷ 

কে কে নামেৰে পৰিচিত প্লেবেক গায়ক কৃষ্ণকুমাৰ কুন্নাথৰ মঙলবাৰে সন্ধিয়া কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে।

 ৫৩ বছৰীয়া কেকে কলকতাৰ নাজৰুল মঞ্চত গুৰুদাস মহাবিদ্যালয়ৰ এক অনুষ্ঠান পৰিৱেশন কৰি থকা অৱস্থাত অসুস্থ হৈ পৰাত সংগীতজ্ঞগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

বুধবাৰে কলকাতা আৰক্ষীয়ে Unnatural death’ৰ গোচৰ ৰুজু কৰিছে। নিউ মাৰ্কেট আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰটো। খবৰ অনুসৰি তেওঁৰ মুখ আৰু মূৰত আঘাত পোৱা গৈছে। লগতে হোটেলৰ কৰ্মচাৰী আৰু অনুষ্ঠান আয়োজকসকলৰ সৈতেও কথা পাতিব আৰক্ষীয়ে।

শিল্পীগৰাকীৰ এনে মৃত্যুক মুঠেও সহজ ভাবে ল’ব পৰা নাই তেওঁৰ অনুৰাগীসকলে ৷ এয়া হত্যা নহয়তো? এই প্ৰশ্নয়ো এতিয়া বহুতৰে মনত ক্ৰিয়া কৰিছে ৷ শিল্পীগৰাকীৰ ওঁঠ আৰু মূৰত ক’লা দাগ পোৱাৰ কথাই তেওঁৰ মৃত্যুক অধিক  সন্দেহৰ মাজলৈ ঠেলি দিছে ৷

কলতকাৰ চি এম আৰ আই চিকিৎসালয়ত মৃত অৱস্থাত অনা বুলি ঘোষণা কৰা হয় প্ৰয়াত কণ্ঠশিল্পী গৰাকীক। আজি এছ এছ কে এম হাস্পতালত প্লেবেক কণ্ঠশিল্পী গৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব।

হিন্দী, তামিল, তেলেগু, কানাড়া, বাংলাকে ধৰি কেইবাটাও ভাষাত গীতত কণ্ঠদান কৰি থৈ গৈছে কন্ঠশিল্পীগৰাকীয়ে। ৫৩ বছৰীয়া গায়কগৰাকীয়ে ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম বহুমুখী গায়ক হিচাপে পৰিগণিত হৈছিল।

সংগীতানুষ্ঠান সামৰি হোটেলৰ কোঠাত উপস্থিত হোৱাৰ পিছতে ৫৩ বছৰীয়া গায়কজনে বুকুৰ বিষ হোৱা অনুভৱ কৰে ৷ তেওঁক লগে লগে কলকাতাৰ চিএমআৰআই চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক "মৃত" ঘোষণা কৰে। চিকিৎসালয়খনৰ এজন জ্যেষ্ঠ চিকিৎসকে কয়, "এয়া দুৰ্ভাগ্যজনক যে আমি তেওঁৰ চিকিৎসা কৰিব নোৱাৰিলোঁ।"

এটা ধুনীয়া গানৰ দৰেই শেষ হৈ গ’ল KKৰ জীৱন। KKৰ অকাল বিয়োগত এতিয়া স্তব্ধ হৈ পৰিছে সংগীতজগত।

Category
Profile picture for user UB Photos