ৰাজপথত যানবাহনৰ গতি সীমিতকৰণৰ বাবে অসম কেবিনেটত সিদ্ধান্ত...

Assam Cabinet has drawn speed limits for vehicles on the highways.

ঘাইপথত বাহনৰ গতি সীমা নিৰ্ধাৰণ কৰাৰ বাবে অসম কেবিনেটত সিদ্ধান্ত। দুৰ্ঘটনা ৰোধ কৰাৰ বাবেই যান-বাহনৰ গতি সীমিত কৰাৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৰে এই ঘোষণা।

 

 

৮ আসনযুক্ত বাহনৰ ৰাষ্ট্ৰীয় ঘাইপথত গতিবেগ হ'ব ১০০ কিঃমিঃ। ৰাজ্যিক ঘাইপথত গতিবেগ হ’ব প্ৰতিঘণ্টাত ৭০ কিঃমিঃ।
পৌৰনিগম এলেকাত গতিবেগ হ’ব প্ৰতিঘণ্টাত ৬০ কিঃমিঃ।

 

 

যাত্ৰীবাহী ৮ আসনযুক্ত বাহনৰ ক্ষেত্ৰত সলনি হ’ব নিয়ম। ডাঙৰ যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰতো গতিবেগ সীমিত কৰা হৈছে। সামগ্ৰী পৰিবহণ বাহনৰ ক্ষেত্ৰত ফ’ৰলেন পথত গতিবেগ প্ৰতিঘণ্টাত ৭০ কিঃমিঃ। আনহাতে, মটৰ চাইকেল আদিত সীমিত হ’ব গতিবেগ। ৩চকীয়া বাহনসমূহৰ ক্ষেত্ৰতো সৰ্বাধিক ৫০ কিঃমিঃ গতিবেগ। এই সন্দৰ্ভত শীঘ্ৰে জাৰি কৰা হ’ব জাননী।

Category
Profile picture for user UB Photos