দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচললৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী…

Amit Shah

দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূবলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। আজি অৰুণাচললৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

শনিবাৰে টিৰাপ জিলাৰ দেওমালীৰ নৰোটম নগৰত ৰামকৃষ্ণ মিছন স্কুলৰ সোণালী জয়ন্তী উদযাপনত ভাগ লৈ পৰৱৰ্তী সময়ত তেওঁ নামচাইলৈ গৈ পৰশুৰামৰ প্ৰতিমূৰ্তিৰ ভেটি স্থাপন কৰিব। দেওবাৰে, গৃহমন্ত্ৰীগৰাকীয়ে সামাজিক সংগঠনক সাক্ষাৎ কৰাৰ লগতে নামসাই জিলাৰ টেঙাপানীৰ সমীপৰ গোল্ডেন পেগোডাতো পূজা আগবঢ়াব।

গৃহমন্ত্ৰীয়ে নামসাইত সেনা, আই টি বি পি, এছ এছ বি, আছাম ৰাইফলছ, বি আৰ অ’ আৰু নেশ্যনেল হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেড (এন এইচ আই ডি চি এল)ৰ জোৱানসকলৰ সৈতেও নিৰাপত্তা আৰু উন্নয়ন পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰি দিল্লীলৈ যোৱাৰ পূৰ্বে তেওঁলোকৰ সৈতে এক ভোজতো অংশ ল’ব।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে উত্তৰ-পূবৰ ৰাজ্যখনলৈ এয়া হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দ্বিতীয়টো ভ্ৰমণ। শেষবাৰৰ বাবে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিছিল অমিত শ্বাহে। গৃহমন্ত্ৰীগৰাকীৰ অৰুণাচল প্ৰদেশ ভ্ৰমণ মেগা ক্ৰছ কান্টি ভ্ৰমণৰ অংশ, য’ত তেওঁ কেইবাটাও ৰাজহুৱা, ৰাজনৈতিক আৰু আনুষ্ঠানিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এই ভ্ৰমণৰ অংশ হিচাপে ইতিমধ্যে গৃহমন্ত্ৰীগৰাকীয়ে অসম, তেলেংগানা, কেৰেলা আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিছে আৰু পৰৱৰ্তী সময়ত অহা ২৭ আৰু ২৮ মে’ত মহাৰাষ্ট্ৰ আৰু গুজৰাট ভ্ৰমণ কৰিব।

Category
Profile picture for user UB Photos