বানপানী, ভূমিস্খলনৰ অবৰ্ণনীয় পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ ডিমা হাচাওলৈ যাব মুখ্যমন্ত্ৰী…

assam flood

আজি ডিমা হাচাওলৈ যাব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। বান-ভূমিস্খলনত বিধ্বস্ত ডিমা হাচাওত হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰীয়ে।

ডিমা হাচাওৰ পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ। পাহাৰীয়া জিলাখনত হঠাতে অহা দুৰ্যোগে বহিঃজগতৰ সৈতে বিচ্ছিন্ন কৰি পেলাইছে যোগাযোগ। বানপানী, ভূমিস্খলনে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ডিমা হাচাওত।

ইতিমধ্যে, হেলিকপ্টাৰযোগে ডিমা হাচাওলৈ প্রেৰণ কৰা হৈছে ৪ মেট্রিক টন খাদ্য সামগ্ৰী। আজি ১২ মেট্রিক টন খাদ্য সামগ্রী লৈ ডিমা হাচাওলৈ যাব বিশেষ বিমান। আনহাতে, পৰস্থিতি পৰ্যবেক্ষণৰ বাবে হাফলঙলৈ যোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে মন্ত্ৰী যোগেন মহনক।

Category
Profile picture for user UB Photos