আনন্দত ডুবিছে অসমৰ এখন গাঁও, একেদিনাই গাঁৱৰ ৮গৰাকী যুৱক-যুৱতীয়ে পালে সংস্থাপন…

Assam Police Job

বৃহস্পতিবাৰে ঘোষণা হ’ল অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল। কনিষ্টবল পৰীক্ষাৰ ফলাফলে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ৰাজ্যৰ শ-শ চাকৰি প্ৰত্যাশীৰ মুখলৈ। আধৰুৱা সপোন পূৰ্ণ হোৱাৰ আনন্দই বহুতৰে ঘৰখনত বিয়পাইছে সুখৰ হাঁহি। বিশ্বনাথৰ এখন গাঁৱত উৎসৱমুখৰ পৰিবেশ। একেখন গাঁৱৰে মুঠ আঠ গৰাকীকৈ যুৱক-যুৱতীয়ে অসম আৰক্ষীত লাভ কৰিলে নিযুক্তি।

অসম আৰক্ষীয়ে ঘোষণা কৰা কনিষ্টবল পৰীক্ষাৰ ফলাফলত বিশ্বনাথত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশ। কিয়নো অসম আৰক্ষীৰ এই কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াত বিশ্বনাথৰ বিভিন্ন অঞ্চলৰ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰাৰ লগতে বিশ্বনাথৰ এখন গাঁৱত একেলগে ৮ গৰাকীকৈ দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ।এই নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকল হ’ল ক্ৰমে গৌৰৱ বৰা, সুজিত শইকীয়া, হেমন্ত শইকীয়া, বিকাশ ৰাজখোৱা, ৰাজকুমাৰ কোচ, চান্দিনী কোঁচ, লক্ষ্য কোঁচ আৰু অংকু বৰা।

বিশ্বনাথৰ গড়েহাগী গাঁৱৰ এইসকল যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে গাঁৱৰ ৰাইজ৷ উল্লেখ্য যে, নিযুক্তি লাভ কৰা এই যুৱক-যুৱতী সকলৰ কাৰোবাৰ পিতৃয়ে যদি দিন হাজিৰা কৰে তেন্তে কাৰোবাৰ পিতৃয়ে আকৌ বজাৰত কল বিক্ৰী কৰি পৰিয়াল পোহপাল দি আছে। অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীসকলৰ ভিতৰত একেখন ঘৰৰ বায়েক আৰু ভায়েকেও একে দিনতে একে পদত নিযুক্তি লাভ কৰাৰ পিছত গাঁওবাসী আনন্দিত হোৱাৰ লগতে অসম আৰক্ষী তথা অসম চৰকাৰক এই নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে, নিযুক্তি লাভ কৰা যুৱক-যুৱতীৰ বাসগৃহত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ সকলোকে অভিনন্দন জ্ঞাপন কৰে।

Category
Profile picture for user UB Photos