মোদীৰ সভালৈ যোৱা যাত্ৰীবাহী ট্ৰেভেলাৰ দুৰ্ঘটনাগ্ৰস্ত, কেইবাজনোলোক আহত

road accident

আজি কাৰ্বি আংলং জিলাত অনুষ্ঠিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা।

এই উপলক্ষে বিভিন্ন স্থানৰ পৰা কাৰ্বি আংলঙৰ ফুলনিলৈ জনতাৰ সোঁত বৈছে। প্ৰধানমন্ত্ৰী মোদীৰ সভালৈ যোৱাৰ সময়তে নগাঁৱৰ কঠিয়াতলীত সংঘটিত হৈছে এক দুৰ্ঘটনা। ফুলনিত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ সভালৈ যোৱা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেভেলাৰখনত এখন ট্ৰাকে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত কেইবাজনো লোক আহত হয় ৷

উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ পৰা প্ৰধানমন্ত্ৰীৰ সভালৈ আহিছিল ট্ৰেভেলাৰখন৷ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত পৰিস্থিতি উতপ্ত হৈ পৰে৷

দুৰ্ঘটনাৰ বহু সময়ৰ পিছতো কঠিয়াতলী চাৰিআলিত উপস্থিত হোৱা নাছিল কোনো আৰক্ষীৰ লোক। আহত সকলক ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বহু পলমকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Category
Profile picture for user UB Photos