ঈদৰ নামাজ পঢ়ি ঘৰলৈ উভতি আহি আছিল, ৰাজপথত তিনি খুৰাকে হানি খুচি কৰিলে হত্যা

Murder

সামাজিক মাধ্যমত ভাইৰেল এটা ভিডিঅ', যি ভিডিঅ দেখি বহু জনৰ গাৰ নোম শিয়ৰি উঠিছে। ঈদৰ নামাজ পঢ়ি উভতি অহা যুৱকক ৰাজপথতে চোকা অস্ত্ৰৰে হানি খুচি হত্যা।

সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় পথত থকা চিচি কেমেৰাত। ২১ বছৰীয়া যুৱকজনে নামাজ পঢ়ি উভতি আহি আছিল। সেই সময়তে ৰাজপথতে অতৰ্কিতে যুৱকজনক আক্ৰমণ কৰে তিনি খুৰাকে মিলি।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মেৰঠত। 

উল্লেখ্য় যে ১০০ গজৰ এটা ঘৰৰ বাবেই সৃষ্টি হয় এই নাৰকীয় হত্যাকাণ্ড।

বালা চাজিদ নামৰ যুৱকজনক তিনি খুৰাকে ৰাজপথকে বগৰাই ধৰে। এজনে হাতত ধৰাৰ লগতে আন এজনে ভৰিত আৰু আনজনে বুকুক উপৰ্জুপৰি চুৰিৰে হানে।

যুৱকজনৰ মৰণ কাতৰ চিঞৰ সকলো পথাচাৰিয়ে শুনিবলৈ পাই যদিও ব্যস্ত পথৰ কোনো এজন লোকেই তিনি খুৰাকক বাধা দিবলৈ আগবাঢ়ি নাযায়। বহু পথাচাৰীৰ চকুৰ সমুখতেই সংঘটিত হয় এই ঘটনা।

তেনে অৱস্থাত ঘটনাস্থলীৰ পৰা খুৰাক কেইজন যাবলৈ ধৰোতেই যুৱকজনে ৰক্ষাৰ বাবে চিঞৰ মাৰে, পুনৰ এজন খুৰাকে উভতি আহি যুৱকজনৰ শৰীৰত পুনৰ আঘাট কৰাৰ লগতে ডিঙিও ৰেপি দিয়ে।

ঘটনা সংঘটিত কৰি তিনিও খুৰাকে সেই স্থানৰ পৰা পলায়ন কৰে।

জানিব পৰা মতে ককাকে নিজৰ সকলো সম্পত্তি পুত্ৰৰ সলনি নাতি সকলক দিয়াৰ সিদ্ধান্ত লৈছিল। যাৰ বাবেই এই ঘটনা সংঘটিত হয়।

Category
Profile picture for user UB Photos