যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা আহি অসম পালেহি দুই ইউক্ৰেইনী নাগৰিক...

Two Ukraine citizens detained in Assam

যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ভাৰতবৰ্ষত আশ্ৰয় ল'ব বিচাৰিছে নেকি ইউক্ৰেনৰ এচাম নাগৰিকে? কৰিমগঞ্জৰ বদৰপুৰ ৰে'ল ষ্টেচনৰ পৰা আটক কৰা হৈছে দুই ইউক্ৰেইনী নাগৰিকক। বৃহস্পতিবাৰে, ত্ৰিস্কিনস্কী ভল'ডিমিৰ আৰু নাজাৰি ভ'জনী নামৰ দুই যুৱকক আটক কৰে ৰে'ল আৰক্ষীয়ে।

 

বৃহস্পতিবাৰে সন্ধিয়া ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ ট্ৰেইনৰে অহা দুই যুৱকক বদৰপুৰ ৰে'ল ষ্টেচনত আটক কৰে ৰে'ল আৰক্ষীয়ে। বিদেশী নাগৰিক দুজনক আটক কৰাৰ পিছতে আৰক্ষীয়ে তেওঁলোকৰ পৰা ভিছা, পাছপৰ্ট বিচাৰে যদিও দুই যুৱকে কোনো বৈধ নথিপত্ৰ দেখুৱাবলৈ সক্ষম নহয়।

 

ৰে'ল আৰক্ষীয়ে জনোৱা খবৰ অনুসৰি ত্ৰিপুৰাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল যুৱক দুজনে। আটক হোৱা দুইজনৰ ওচৰতে পোৱা গৈছে বাংলাদেশী টাকা। প্ৰায় এসপ্তাহ ত্ৰিপুৰাত আছিল দুই যুৱক। ফেব্ৰুৱাৰী মাহতেই বাংলাদেশ আহিছিল ইউক্ৰেনৰ যুৱক দুজন। আনকি যাত্ৰাপথতে তেওঁলোকৰ পাছপৰ্ট হেৰাই গৈছে বুলিও আৰক্ষীক জানিবলৈ দিয়ে ধৃত দুই ইউক্ৰেনৰ নাগৰিকে।

 

অসমত ইউক্ৰেইনী নাগৰিক আটক হোৱাৰ পিছতে আকৌ এবাৰ প্ৰমাণিত হ'ল, ত্ৰিপুৰাৰ আন্তৰ্জাতিক সীমান্ত দেশৰ বাবে যে সুৰক্ষিত নহয়! কিয়নো সঘনাই অসম প্ৰৱেশৰ পিছত ধৰা পৰে ৰোহিঙ্গিয়া, নাইজেৰিয়ান আৰু বাংলাদেশৰ নাগৰিক। এইবাৰ ইউক্ৰেইনৰ দুই নাগৰিক আটক হোৱাৰ পিছত পুনৰবাৰ একে প্ৰশ্নৰ অৱতাৰনা হৈছে যে, ত্ৰিপুৰা ৰাজ্যৰ আন্তৰ্জাতিক সীমান্ত দেশৰ বাবে কিমান সুৰক্ষিত? কৰিমগঞ্জৰ বদৰপুৰ ৰে'ল ষ্টেচনৰ পৰা নথি-পত্ৰবিহীন দুই ইউক্ৰেনী নাগৰিক আটক হোৱাৰ পিছত সচেতন মহলৰ মাজত উদয় হৈছে এনে প্ৰশ্নৰ।

Category
Profile picture for user UB Photos