হাৰমতীত তিনি মাহ ধৰি সন্ধানহীন স্কুলীয়া ছাত্ৰ, আজিও কাণসাৰ নাই আৰক্ষীৰ!

boy missing

লখিমপুৰ জিলাৰ হাৰমতী চানমাৰী নিবাসী বিষ্ণু চাহু আৰু উষা চাহুৰ একমাত্ৰ ১৫ বছৰীয়া পুত্ৰ ৰোহিত চাহু যোৱা ২৫ ডিচেম্বৰ তাৰিখে সন্ধিয়া বজাৰ কৰিবলৈ বুলি গৈ ঘৰলৈ ঘূৰি নাহি আজি পৰ্যন্ত নিৰুদ্দেশ হৈ আছে।

উক্ত বিষয়টোৰ সন্দৰ্ভত লগে লগে স্থানীয় হাৰমতী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হয় যদিও ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ সম্পৰ্কে সংবাদ মাধ্যমৰ সন্মুখত মাতৃ গৰাকীয়ে অৱগত কৰে।

তেনে ক্ষেত্ৰত দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া উপায় বিহীন হৈ শোকত ভাগি পৰিছে।সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে লখিমপুৰ জিলা আৰক্ষী অধীক্ষক গৰাকীক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে কোনো সদাশয় ব্যক্তিয়ে ল'ৰা জনৰ সন্ধান পালে 6001634217 নম্বৰত ফোন কৰি জনাবলৈ পৰিয়ালটোৱে অনুৰোধ জনাইছে।

Category
Profile picture for user UB Photos