সপ্তাহত ২ বাৰ বা তাতকৈ বেছি নুডলছ খাই নেকি? নকৰিব এই কাম! জানেনে নজনাকৈয়ে কিমান ডাঙৰ ক্ষতি কৰিছে?

noodles

পুৱা, দুপৰীয়া, সন্ধিয়াই হওক বা নিশাৰ খাদ্য নাইবা টিফিন আমাৰ সকলোৰে পছন্দৰ মেন্যুত থাকে নুডলছ কিন্তু বিশেষজ্ঞৰ মতে, যেতিয়াই তেতিয়াই নুডলছ বা চাউমিন খোৱা শৰীৰৰ বাবে মুঠেও ভাল নহয়। 

chaw

নুডলছ বা চাউমিন প্ৰক্ৰিয়াজাত খাদ্য। যিয়ে ওজন বৃদ্ধি কৰে। ফাইবাৰ আৰু প্ৰটিন কম থকাৰ ফলত নুডলছক ‘কমপ্লিট মিল’ বোলা নহয়।

গৱেষণাত দেখা গৈছে, সপ্তাহত ২ বাৰ বা তাতোকৈ বেছি নুডলছ খালে মেটাবলিজমৰ হাৰ কমি হায়।

চাউমিন মূলত ময়দাৰে তৈয়াৰী যিটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ময়দা বেছি পৰিমাণে প্ৰক্ৰিয়াজাত, ময়দাত থাকে প্ৰচূৰ পৰিমাণৰ প্ৰিজাৰভেটিভ, খাবলৈ সুস্বাদু হ’লেও পুষ্টিহীন। ফলত ব্য়ক্তিৰ ওজন বঢ়ায় আৰু হজম ক্ষমতা কমায়।

chaw2

নুডলছত থাকে ফেটি এচিড বা ট্ৰান্স ফেট। ইয়াৰ উপৰি তেল, চেনি, চেনিৰ চিৰাপ, গোন্ধবৰ্ধনকাৰী আৰু অন্যান্য উপাদান ব্যৱহাৰ কৰা হয় যিবোৰ স্বাস্থ্যৰ বাবে হানিকাৰক। লগতে ইয়াত থাকে মনোচডিয়াম গ্লুটামেট যি প্ৰক্ৰিয়াজাত খাদ্যত সুগন্ধ যোগ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এমএছজি খালে ওজন বাঢ়ে, ৰক্তচাপ বৃদ্ধি পায়, মূৰৰ বিষ আৰু নাক বন্ধ হয়।

chaw3

নুডলছত থকা চডিয়াম স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। উচ্চ ৰক্তচাপ আৰু কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগৰ আশংকা বৃদ্ধি কৰে।

chaw4

শিশুসকলে বেছি চাউমিন খালে শৰীৰত আন খাদ্যৰ পৰা পুষ্টি গ্ৰহণৰ ক্ষমতা কমি যায়। যাৰ ফলত অপুষ্টিয়ে দেখা দিয়ে।

Category
Profile picture for user UB Photos