বাপ্পী দা আৰু নাই! ৰৈ গ'ল তেওঁৰ সোণৰ ভাণ্ডাৰ আৰু সম্পত্তি...

Gold Obssesed Lahiri

দেশৰ প্ৰখ্যাত গায়ক তথা সুৰকাৰ বাপ্পী লাহিৰিৰ দেহাৱসান। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লাহিৰিয়ে। পিটিআইৰ মতে, মুম্বাইৰ এখন হাস্পতালত দেহাৱসান ঘটে বাপ্পী লাহিৰিৰ। বাপ্পী লাহিৰী বুলিলেই তেওঁৰ গীতৰ লগতে অজস্ৰ সোণৰ কথা মনলৈ আহে।  বাপ্পী লাহিৰীয়ে ডিঙিত ৰৈছিল সোণৰ বহু চেইন, শিকলি।

bappi da

১৯৮০ৰ দশত নিজৰ সংগীতৰ জৰিয়তে মানুহৰ হৃদয়ত স্থান স্থান দখল কৰা বাপ্পী লাহিৰিয়ে ডিস্ক’ ডান্সাৰ, শাৰাবী আৰু নমক হালালৰ দৰে ছুপাৰহিট ছবিৰ বাবে গান গাইছিল। বাপ্পী লাহিৰিৰ জন্ম ২৭ নৱেম্বৰ ১৯৫২ চনত পশ্চিম বংগৰ জলপাইগুৰিত হৈছিল।

bappi da1

বাপ্পী লাহিৰিৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩ মিলিয়ন ডলাৰ। যি ভাৰতীয় মূল্যত প্ৰায় ২২ কোটি।  বাপ্পীৰ মাহিলি আয় ২০ লাখ টকা আৰু বাৰ্ষিক আয় ২ কোটি টকাৰো অধিক আছিল। বিভিন্ন মিউজিক কোম্পজিশ্যনৰ লগত ষ্টেজ শ্বৰ পৰা বহু পৰিমাণৰ টকা উপাৰ্জন কৰে। চিনেমাৰ বাবে এটা গীতত ৮ৰ পৰা ১০ লাখ টকা পাৰিশ্ৰমিক লয়।

bappi da2

সোণৰ গহনা আৰু দামী গাড়ীৰ প্ৰতি বহু আকৰ্ষণ আছিল বাপ্পী লাহিৰিৰ। মুম্বাইত ২০০১ চনত এটা ঘৰ ক্ৰয় কৰিছিল। ঘৰটোৰ ভেল্যু আছিল ৩.৫ কোটি টকা। বাপ্পী লাহিৰিৰ ৫খন দামী গাড়ীৰ ভিতৰত বিএমডাব্লিউ, অডিৰ দৰে গাড়ী আছিল। লগতে ৫৫ লাখ টকাৰ এখন টেছলা গাড়ীও আছিল।

bappi da3

সোণৰ গহনাৰ প্ৰতি বাপ্পী লাহিৰিৰ আছিল আটাইতকৈ বেছি আকৰ্ষণ। ২০১৪ চনৰ নিৰ্বাচনৰ বাবে সম্পত্তি ডিক্লাৰেশ্যনত তেওঁ জনাইছিল যে, তেওঁৰ হাতত ৭৫৪ গ্ৰাম সোণ আছিল।

bappi da4

Category
Profile picture for user UB Photos