আজি মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ আলি–আঃয়ে–লৃগাং, ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ!

Ali aye Ligang

আলি আঃয়ে লৃগাং অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। ৰাজ্যজুৰি আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত উখল-মাখল পৰিৱেশ।

ali ai ligang

ফাগুণ মাহ হ’ল বসন্তৰ আৰম্ভণি। কৃষিজীৱী মিচিং সকলৰ খেতি কৰাৰ বতৰ। এনে সময়তে মিচিং লোকসকলে উদযাপন কৰে নিজৰ জাতীয় উৎসৱ। ইয়াক লৃগাং বিহু বুলিও কোৱা হয়। আলি-আঃয়ে -লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি। ‘আলি’ মানে মূল বা কাণ্ড, ‘আঃয়ে’ৰ অৰ্থ হ’ল ফল বা গুটি আৰু ‘লৃগাং’ৰ অৰ্থ হ’ল সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন।

ligang bihu

আজিৰ দিনটোতে মিচিংসকলে পথাৰত বা বাৰীৰ এচুকত মাংগলিক পৰ্বৰে মাটিত গুটি সিঁচা আৰম্ভ কৰে। প্ৰতিঘৰ লোকৰে মুখিয়ালজনে এই কাৰ্য সম্পাদন কৰে। ইয়াৰ পিছত চলে ভোজ-ভাতৰ আয়োজন। ডেকা-গাভৰু, বুঢ়া-বুঢ়ীসকলে ঘৰে ঘৰে পুৰাং, আপং আদি খাই বিহু মাৰি ৰং-আনন্দ কৰে। নিশা ডেকা-গাভৰুৱে মিলি ঘৰে ঘৰে ‘গুমৰাগ’ নাচে। গাঁৱে গাঁৱে শুনা যায় ঐনিতমৰ সুৰ, ঢোলৰ শব্দ।

gahori

Category
Profile picture for user UB Photos