চোৰৰ বিলৈ: মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চোৰৰ দল…

গুৱাহাটী

চোৰৰ তাণ্ডৱে টোপনি হৰিছে মহানগৰবাসীৰ। চোৰৰ তাণ্ডৱে সকলোৰে টোপনি কঢ়াৰ সময়তে মহানগৰীৰৰ ভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা চোৰৰ দলক।

চোৰৰ দলটোৰ পৰা জব্দ ২১ টাকৈ ম’বাইল ফোনৰ লগতে ৩১ হাজাৰ দুশ টকা নগদ ধন।ধৃত চোৰ কেইটা হৈছে লালগণেশৰ নিতু দাস, চানডুবিৰ সীমান্ত ৰাভা, ঢোলাপাৰাৰ ৰোহিত আলী আৰু হীৰা বাচফৰ।

যুৱককেইজনৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী থানাত ইতিমধ্যে ৩৯৭/২২ নম্বৰত ৰুজু হৈছে গোচৰ। এই চোৰৰ দলটোৰ সৈতে আৰু বহুত চোৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ।

Category
Profile picture for user UB Photos