ফাষ্ট ফুডৰ ঠেলাৰ বাবেই অঘটন, কথাৰ কটাকটিৰ পৰিণতিতেই চোকা অস্ত্ৰৰে আক্ৰমণ

Tinsukia Murder: one severely injured

বাণিজ্যিক চহৰ তিনিচুকীয়াত চাঞ্চল্যকৰ ঘটনা । প্ৰথমে কথাৰ কটাকটি, তাৰ পাছত প্ৰহাৰ। শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়া চহৰত দুজন ব্যক্তিৰ মাজত প্রচণ্ড সংঘাতৰ সৃষ্টি হয়।

দেৱীপুখুৰী পাঁচআলিত ৰাস্তাৰ কাষতে নিজৰ নিজৰ ফাষ্ট ফুডৰ ঠেলা লগাব লওঁতেই সংঘটিত হয় এই ঘটনা। সুগ্ৰীম প্ৰসাদ মহাতো আৰু ৰাজকুমাৰ মহাতো নামৰ ব্যক্তি দুজনৰ মাজত প্ৰথমে কথাৰ কটাকটি হয় । তাৰ পাছতেই সুগ্ৰীম প্ৰসাদ নামৰ ব্যক্তিজনে চোকা অস্ত্ৰৰে ৰাজকুমাৰ মহাতো নামৰ ব্যক্তিজনৰ ডিঙিত আঘাত কৰে । যাৰ ফলত ৰাজকুমাৰ মহাতো থিতাতে মাটিত ঢলি পৰে।

ঘটনা স্থলীত তৎক্ষণাৎ তিনিচুকীয়া সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ সুগ্ৰীম প্ৰসাদক কৰায়ত্ত কৰি সদৰ থানালৈ লৈ যায়। ইফালে আঘাতপ্ৰাপ্ত ৰাজকুমাৰ মহাতোক অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসা সম্পূৰ্ণ নোহোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

Category
Profile picture for user UB Photos