অসম আৰক্ষীৰ তালাচী অভিযান অব্য়াহত! হাইলাকান্দিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

Ganja

হাইলাকান্দিত অসম আৰক্ষীয়ে জব্দ কৰিছে এক বৃহৎ পৰিমাণৰ গাঞ্জা।

হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম এলেকাত আৰক্ষীৰ অভিযানত জব্দ এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। বৃহস্পতিবাৰে নিশা পাঁচগ্ৰাম আৰক্ষী থানাৰ আৰক্ষীয়ে ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচীত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।

নিশা AS-11DC-9398 নম্বৰৰ এখন অটো'ৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২০ কিলোগ্ৰাম গাঞ্জা। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অটোৰ চালক মনোজ কান্তি অধিকাৰী আৰু এগৰাকী মহিলাক। কিন্তু তালাচীৰ সময়ত অটোত থক‍া আন এজন লোক পলাই য‍াবলৈ সক্ষম হয়। বৰ্তমানে পাঁচগ্ৰাম আৰক্ষী চকীত দুগৰাকীক সোধ-পোছ কৰি ৰাখিছে আৰক্ষীয়ে।

Category
Profile picture for user UB Photos