কালাপাহাৰত বিধংসী অগ্নিকাণ্ড, সম্পূৰ্ণৰূপে ভষ্মীভূত এটা বাসগৃহ, এটা গুদাম আৰু এটা গেৰেজ…

Fire

কালাপাহাৰত বিধংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল এটা তুলাৰ গুদাম, গেৰেজ আৰু এটা বাসগৃহ। মঙলবাৰে নিশা বিবেকানন্দ বেংগলী স্কুলৰ কাষতে থকা জোট মিলত সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত সুভাশীষ দাস নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা চলায়। অৱশ্যে, এতিয়ালৈকে জানিব পৰা হোৱা নাই জুই লগাৰ প্ৰকৃত কাৰণ।

Category
Profile picture for user UB Photos