ভেকচিন নোলোৱা লোকসকল সাৱধান! ভেকচিন নল’লে নাপায় দৰমহা

Assam Government's new rule: No Vaccine, No Entry

ভেকচিন নোলোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ অসম চৰকাৰ। আজিৰে পৰা প্ৰযোজ্য হ'ল No Vaccine, No Entry।

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে আজিৰে পৰা ৰাজ্যত প্ৰযোজ্য হ'ল ভেকচিন নোলোৱা লোকসকলৰ বাবে নতুন বিধি। ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। ভেকচিন গ্ৰহণ নকৰা লোকসকলে কোনো চৰকাৰী কাৰ্য্যালয়, ৰাজহুৱা স্থান আৰু হাস্পতাললৈ যাব নোৱাৰিব।

হোটেল, মল আৰু ব্যক্তিগত প্ৰতিষ্ঠানলৈও যাব নোৱাৰিব ভেকচিন নোলোৱা লোক। আনহাতে, যিসকল ৰোগীয়ে ক'ভিডৰ দ্বিতীয় পালি গ্ৰহণ কৰা নাই, সেইসকলে চৰকাৰী হাস্পতালতো কোনো ধৰণৰ চিকিৎসা গ্ৰহণ কৰিব নোৱাৰিব। সকলো চৰকাৰী চাকৰিয়ালে ভেকচিন লোৱাটো বাধ্যামূলক। ক'ভিডৰ প্ৰথম পালি গ্ৰহণ কৰিলেও দ্বিতীয় পালি নল'লে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত চৰকাৰৰ।

Category
Profile picture for user UB Photos