তিনিচুকীয়া মহিলা মহাবিদ্যালয়ক কন্টেইনমেন জ'ন ঘোষণা!

Women's College- Tinsukia

তিনিচুকীয়া জিলা প্ৰশাসনে তিনিচুকীয়াৰ মহিলা মহাবিদ্যালয়ত ১৬ গৰাকী শিক্ষাৰ্থী, শিক্ষকৰ লগতে শ্ৰমিকসকলৰ কোভিড পজিটিভ হোৱাৰ পিছতে কন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰিছে।

প্ৰতিষ্ঠানটোৱে প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে কোভিডৰ জৰুৰীকালীন অৱস্থাৰ বাবে মহাবিদ্যালয় চৌহদ তিনি দিনৰ বাবে বন্ধ থাকিব, অৱশ্যে মহাবিদ্যালয়ৰ প্ৰশাসনিক বিষয়াসকলে ৫০শতাংশ কৰ্মচাৰীৰ সৈতে মহাবিদ্যালয়ত উপস্থিত থাকিব।

আন সকলো জৰুৰী কাম আৰু প্ৰপত্ৰ পূৰণ কৰা হ'ব কিন্তু কঠোৰ কোভিড প্ৰটোকল অনুসৰণ কৰি, বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।

বিজ্ঞপ্তিখনত সকলো শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰীসকলক কোভিড সংক্ৰমণৰ বাবে নিজকে পৰীক্ষা কৰাবলৈ আহ্বান জনোৱা হৈছে।

মহাবিদ্যালয়খন ৮জানুৱাৰী, ২০২২ৰ পৰা ১০জানুৱাৰী, ২০২২লৈ বন্ধ থাকিব।

Category
Profile picture for user UB Photos