কোভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ কিদৰে সাজু হৈছে বিত্ত বিভাগ? কি ক'লে মন্ত্ৰী অজন্তা নেওগে?

Ajanta Neog

কোভিডৰ তৃতীয় ঢৌৱে শংকিত কৰি তুলিছে সকলোকে ৷ 

সংকিত হব লগাত পৰিছে বিত্ত বিভাগক লৈ, কিন্তু কোভিডৰ সৈতে যুঁজিবলৈ সকলো প্ৰকাৰে সাজুনে ৰাজ্যৰ বিত্ত বিভাগ?

পুনৰ ভয়াৱহ ৰূপ লৈছে কোভিড অতিমাৰীয়ে ৷ মন্ত্ৰী, সাংসদৰ পৰা সকলো পৰিছে কোভিডৰ কবলত ৷ ইয়াৰ মাজতে অমিক্ৰনেও শংকিত কৰি তুলিছে সকলোকে ৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গুৰুত্ব সহকাৰে লোৱা এই বিষয়টোক গুৰুত্ব সহকাৰে লৈছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগেও ৷ 

বিত্ত মন্ত্ৰী অজন্তা নেওগে কয়, "চাওক আমাৰ বিভাগটো এটা বেলেঞ্চ ৱে'ত চলি আছে৷ আপোনালোকে জানে আমাৰ চৰকাৰখন কোভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌ পাৰ কৰা চৰকাৰ৷ প্ৰথম দুয়োটা ঢৌ আমি সুচাৰুৰূপে পাৰ কৰিছো৷ অভিজ্ঞতাৰ দিশেৰে আমি প্ৰথমৰে পৰা কোভিডৰে যুঁজিবলৈ সজাগ হৈ আছো৷ যিকোনো বিষম পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ আমি সাজু ৷"

ইফালে, বিৰোধীয়ে বিগত বিধানসভাৰ শীতকালীন অধিৱেশনত ৰাজভঁৰাল উদং বুলি অনা অভিযোগ পুনৰ নস্যাৎ কৰিলে মন্ত্ৰী অজন্তা নেওগে ৷ এইক্ষেত্ৰত উদাহৰণ হিচাপে দিলে চৰকাৰী কৰ্মচাৰীক ১১% বনাচ মুকলিৰ কথা ৷ বাজেটত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি নিয়াৰিকৈ পালন কৰাৰ কথা দোহাৰিলে মন্ত্ৰীগৰাকীয়ে ৷

লগতে, মাইক্ৰ' ফাইনেঞ্চৰ ধন প্ৰদানত হোৱা বিসংগতিক লৈও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিত্ত মন্ত্ৰীয়ে ক'লে, বিত্ত বিভাগৰ আয়ুক্ত সচিবক দিয়া হৈছে তদন্তৰ দায়িত্ব৷ 

এই সময়ছোৱাৰ মাজতে, কোভিডৰ সৈতে যুঁজিবলৈ বিত্ত বিভাগ শক্তিশালী ৰূপত সাজু বুলি সংবাদ মাধ্যমক সদৰি কৰিলে মন্ত্ৰী অজন্তা নেওগে৷

Category
Profile picture for user UB Photos