সীমান্তত পাকিস্তানী আৰু চীনা সৈন্যৰ সৈতে উপহাৰ বিনিময় কৰি নৱবৰ্ষ উদযাপন কৰিলে ভাৰতীয় সেনাই

Indian Army exchange gifts with Chinese and Pakistan Army

সীমান্তত পাকিস্তানী আৰু চীনা সৈন্যৰ সৈতে উপহাৰ বিনিময় কৰি নৱবৰ্ষ উদযাপন কৰিলে ভাৰতীয় সেনাই

নতুন বছৰক লৈ নতুন উছাহ। নৱবৰ্ষ ২০২২ক উলহ-মালহেৰে আদৰিলে বিশ্ববাসীয়ে। ভাৰতৰ ভিন্ন ঠাইত নৱবৰ্ষক আদৰাৰ সময়তে ভাৰত সীমান্ততো ভাৰতীয় সেনাই উদযাপন কৰিলে নৱবৰ্ষ। চীনা সৈন্যৰ সৈতে উপহাৰ বিনিময় কৰিলে ভাৰতীয় সেনাই।

Indian Army exchange gifts with Chinese troop

২০২০ চনৰ মে’ মাহৰ পৰা ভাৰত-চীনৰ মাজত চলি থকা চিন্তনীয় পৰিস্থিতিৰ মাজতে বছৰৰ প্ৰথম দিনটোত লাডাখৰ হট স্প্ৰিংছ, ডেমচোক অঞ্চলত ভাৰত আৰু চীনৰ সেনাসকলে উপহাৰ দি ইখন দেশে সিখন দেশক জনালে শুভেচ্ছা।

কেৱল চীনা সৈন্যৰ সৈতেই নহয়, পাকিস্তানী সৈন্যৰ সৈতেও উপহাৰ সলনা-সলনি কৰিলে ভাৰতীয় সেনাই।

Indian Army exchange gifts with Pakistani troop


নৱবৰ্ষৰ প্ৰথম দিনটোতে এইদৰে চীনা সৈন্য আৰু পাকিস্তানী সৈন্যই উপহাৰ বিনিময় কৰাটো সঁচায়ে এক যোগাত্মক বাতৰি। ২০২২ চনৰ আৰম্ভণিৰে পৰা পাৰস্পৰিক বিশ্বাস আৰু প্ৰশান্তি বৃদ্ধিৰ বাবে ভাৰতীয় সেনাই লৈছে এই বিশেষ পদক্ষেপ।

Category
Profile picture for user UB Photos