নিয়োগ মেলাক লৈ বিধানসভাৰ বাহিৰত অখিল গগৈৰ প্ৰতীকী প্ৰতিবাদ। আজিও বিশেষ টি–ছাৰ্ট পিন্ধি শিৱসাগৰৰ বিধায়কগৰাকীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।
আজি বিধানসভাৰ বাহিৰত অখিল গগৈয়ে কয়, নিয়োগ মেলা পাতি চৰকাৰে নিবনুৱা সকলৰ লগত কালি খেলা কৰিলে, চৰকাৰৰ এই ল'ৰা ধেমালিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিছো।
মুখ্যমন্ত্ৰীয়ে ১ লাখ নিযুক্তিৰ ক্ষেত্ৰত এতিয়া অজুহাত উলিয়াইছে। কালি বিধান সভাত মুখ্যমন্ত্ৰীয়ে অজুহাত দেখুৱাইছে। চৰকাৰী বিভাগে কৈছে বিভাগ সমূহত পদ খালী আছে। কিন্তু বিত্তমন্ত্ৰীয়ে কৈছে নতুন পদ হ'লে দৰমহা দিব নোৱাৰিম।
নিবনুৱা সকলৰ চাৰ্টিফিকেটক লৈ খেলা কৰিলে কালি, কালিৰ নিয়োগ মেলাত কিমান পদ আছিল তাৰ উত্তৰ দিব পৰা নাছিল চৰকাৰে।
লগতে তেওঁ কয়, হিমন্ত বিশ্বই হেলিকপ্তাৰত ফুৰিলেই নহ'ব। মুখ্যমন্ত্ৰীয়ে নিবনুৱাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব। অন্যথা মুখ্যমন্ত্ৰীক শান্তিত থাকিব দিয়া নহ'ব। চাকৰি ১ লাখ কেতিয়া আৰু ক'ত দিব তাক স্পষ্ট কৰি দিব লাগে।
নিয়োগ মেলাৰ নামত বাচন ধুৱা,গাড়ী ধুৱা পদ মুকলি কৰি নিবনুৱাক অপমান নকৰিব। চৰকাৰক অসমীয়া আৰু থলুৱা মাধ্যমৰ বিদ্যালয়ৰ হকে কাম কৰিবলৈ দাবী। অন্যথা চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ'ব।
বিধান সভা নিৰপেক্ষ হ'লে ভাল। দাণ্ডা ডাল কেৱল বিৰোধীৰ ফালে থাকিলে নহ'ব। বিৰোধীয়ে ব্যক্তব্য ৰাখোতে মুখ্যমন্ত্ৰীয়ে তাচ্ছিল্য সূচক মন্তব্য কৰি থাকে। কিন্তু ইয়াৰ বিৰুদ্ধে অধ্যক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰে।
মই চৰকাৰৰ লগত কেতিয়াও আপোচত নাথাকো। সেই কাৰণে মই ভয় নকৰো। বিধায়কৰ পদৰ বাবে মোৰ কোনো লালসা নাই। বিধান সভাত মই মাত মাতিলে বহিষ্কাৰ কৰি দিলেও মোৰ কোনো ভয় নাই।
মুখ্যমন্ত্ৰীক তীক্ষ্ণ সমালোচনা কৰি অখিল গগৈয়ে কয়, মুখ্যমন্ত্ৰীয়ে বিধান সভাত মিছা কথা কয়। চৰকাৰৰ ঋণৰ বোজা সন্দৰ্ভত মিছা কথা ক'লে মুখ্যমন্ত্ৰীয়ে।
অখিল গগৈয়ে কোৱা কথাৰ ওপৰত বিধান সভাত চবেই গালি দিব পাৰে। কিন্তু অখিল গগৈয়ে কথা ক'ব নোৱাৰাৰ অভিযোগ। মোক কেৱল ২ মিনিট সময়হে দিয়ে। কিন্তু মুখ্যমন্ত্ৰীয়ে মাজতে সোমাই ২ ঘন্টা কথা কয়। অসম বিধান সভাই অখিলক শিকালে যে মুখ্যমন্ত্ৰীয়ে বিধান সভাৰ ভিতৰটো মিছা কথা কয়।
- Log in to post comments