শুই থকা অৱস্থাতেই দুজনক জীৱন্তে অগ্নিদগ্ধ কৰিলে মাতৃ-কন্যাই! কাৰণ শুনিলে চকু কপালত উঠিব আপোনাৰো

Murder

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। তেনে সময়তে বিহাৰৰ পাটনাত সংঘটিত হোৱা এক আচৰিত ঘটনাই চকু কপালত উঠিব আপোনাৰো।

নিশা শুই থকা অৱস্থাতেই দুজনক জুই লগাই দিলে মাতৃ-কন্যাই।

অভিযোগ অনুসৰি, বৃহস্পতিবাৰে কৰ্ণপূৰ গাঁৱত মাতৃ-কন্যাই দুগৰাকীয়ে মিলি এটা ঘৰত জুই লগাই দিয়ে। ঘৰতোৰ ভিতৰত থকা তেওঁলোকৰ সম্পৰ্কীয় দুজন লোক সেই জুইত জীৱন্তে অগ্নিদগ্ধ হয়। ইয়াৰ পিছতে দুই মহিলাক আটক কৰে স্থানীয় ৰাইজে।

আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত দুজনৰ নাম শান্তি দেৱী আৰু তেওঁৰ পুত্ৰ অমৰেন্দ্ৰ কুমাৰ। লগতে অভিযু্ক্তৰ নাম, মাধুৰী দেৱী আৰু তেওঁৰ কন্যা বুলি জানিব পৰা গৈছে।
কিছুদিন পূৰ্বে শান্তি দেৱীয়ে মাটি বিক্ৰী কৰি পোৱা ৫ লাখ টকাৰ বাবে সংঘটিত হয় এই অপৰাধ। টকাখিনিৰ বাবে অভিযুক্ত মাধুৰী দেৱীয়ে নিজৰ কন্যাৰ লগত লগ হৈ দুই পিড়ীত শুই থকা অৱস্থাত বাহিৰৰ পৰা তলা লগাই ঘৰত অগ্নি সংযোগ কৰে আৰু ঘটনীক সম্পুৰ্ণ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰে।

ওচৰ চুবুৰীয়াই সহায়ৰ চেষ্টা কৰে যদিও মৃত্যু হয় তেওঁলোকৰ।

Category
Profile picture for user UB Photos