যোৰহাটৰ অনিমেশ ভূঞা হত্যাকাণ্ডৰ ১৪ নম্বৰজন অভিযুক্ত মটীয়া বৰণৰ ছাৰ্ট পৰিহিত টিলৌক গ্ৰেপ্তাৰ

arrested

যোৰহাটৰ নৃসংশ হত্যাকাণ্ডৰ ১৪ নম্বৰ অপৰাধী আৰক্ষীৰ জালত।

মানৱতাক লজ্জাজনক কৰা সেই গণপ্ৰহাৰ আৰু হত্যাৰ ঘটনাৰ লগত জড়িত বৰ্বৰ কেইজন এজনৰ পাছত আনজন এতিয়া পৰিছে আৰক্ষীৰ জালত।

সামাজিক মাধ্যমত ভাইৰেল হোৱা অনিমেষ হত্যা কাণ্ডৰ ভিডিঅ’ত ঘটনাৰ লগত জড়িত মটীয়া বৰণৰ ছাৰ্ট পৰিহিত লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লোকজনক চিনাক্ত কৰি যোৱা নিশা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
মটীয়া বৰণৰ ছাৰ্ট পৰিহিত ১৪ নম্বৰ অপৰাধীজন যোৰহাটৰে বৰিগাঁৱৰ ১৮বৰ্ষীয় প্ৰিয়ংশু দাস ওৰফে তিলৌ বুলি জানিব পৰা গৈছে।

যোৰহাট আৰক্ষীয়ে অপৰাধিজনৰ আটক কৰাৰ কথা টুইটাৰ একাইণ্ট যোগে সদৰি কৰিছে।

 

Category
Profile picture for user UB Photos