আজি গুৰুপূৰৱ, দেশজুৰি পালন গুৰু নানকৰ ৫৫২ সংখ্যক জন্ম জয়ন্তী

Guru purub

আজি শিখ ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মগুৰু গুৰু নানকৰ জন্মবাৰ্ষিকী। দেশজুৰি শিখ ধৰ্মৰ লোকসকলে পালন কৰিছে এই উৎসৱ-গুৰুপূৰৱ অথবা গুৰু নানক জয়ন্তী।

Guru Nanak

দেশৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত বসবাস কৰা শিখ ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে পালন কৰিছে ৫৫২ সংখ্যক গুৰু নানক জয়ন্তী। নানকানা চাহিবত ১৪৬৯ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰিছিল ধৰ্মগুৰু গুৰু নানকে। কাৰ্তিক পূৰ্ণিমাৰ দিনটোতে পালন কৰা হয় এই পবিত্ৰ তিথি।

Guru Purob

গুৰু নানক হৈছে দহজন শিখ গুৰুৰ ভিতৰত অন্যতম, যিয়ে শিখ ধৰ্মৰ প্ৰৱৰ্তনত অন্যতম ভূমিকা গ্ৰহণ কৰিছিল।

Guru Nanak 1

এই বিশেষ দিনটোত ভক্তসকলে গুৰুদ্বাৰত প্ৰাৰ্থনাৰ আয়োজন কৰে। আজিৰ দিনটোত অমৃতশ্বৰৰ গ’ল্ডেন টেম্পলৰ লগতে বিশ্বৰ ঠায়ে-ঠায়ে থকা গুৰুদ্বাৰসমূহত ভক্তৰ লানি-নিছিগা ভিৰ দেখিবলৈ পোৱা যায়।

Golden Temple

গুৰুপূৰৱৰ দিনটোত গুৰুদ্বাৰসমূহত ৪৮ ঘন্টীয়া অখণ্ড পাঠৰ আয়োজন কৰিছে শিখ ধৰ্মাৱলম্বী লোকসকলে।

Category