মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি আনুষ্ঠানিকভাৱে আমিনগাঁও ক্ৰিকেট খেলপথাৰ উদ্বোধন

Himanta Biswa Sarma Cricket Ground

মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আমিনগাঁও ক্ৰিকেট খেলপথাৰ উদ্বোধন কৰে। খেলপথাৰখনৰ উদ্বোধনে আগন্তুক প্ৰজন্মক ক্ৰীড়াত উৎকৃষ্টতা ৰখাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব।

অসম ক্ৰিকেট সংস্থাই গুৱাহাটীৰ আমিনগাঁৱত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰে। অসমৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংঘল, ক্ৰীড়া মন্ত্ৰী বিমল বৰাকে আদি কৰি অনুষ্ঠানটোত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

সূত্ৰ অনুসৰি, বিচিচিআইয়ে খেলপথাৰখনত প্ৰথমখন খেল আয়োজন কৰিব। খেলপথাৰখন আগন্তুক বিচিচিআই অনুৰ্ধ-২৫ পুৰুষ ৰাজ্য 'এ' এদিনীয়া ক্ৰিকেটৰ অন্যতম স্থান হ'ব।

নুমলী জালাহৰ নতুন ষ্টেডিয়ামখন অসম ক্ৰিকেট সন্থাৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছিল। 

অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ২৪ নৱেম্বৰত আৰম্ভ হ'ব। একে সময়তে, আৰজি বৰুৱা অনুৰ্ধ-১৬ আন্তঃজিলা প্ৰতিযোগিতা ২ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব।

Category
Profile picture for user UB Photos