২ কোটিৰো অধিক লোকক ক’ভিড ভেকচিন প্ৰদানত সফল অসম চৰকাৰ

Covid Vaccine

অসমত ক’ভিড ভেকচিন প্ৰদানৰ সফল অভিযান। ভেকচিন প্ৰদানৰ ক্ষেত্ৰত সফল ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰে অতিক্ৰম কৰিলে ভেকচিন প্ৰদানৰ আন এক মাইলৰ খুটি।

ৰাজ্যৰ ২ কোটি লোকক ক’ভিড ভেকচিন প্ৰদান অভিযানৰ অধীনত সামৰি ল’বলৈ সক্ষম হ’ল অসম চৰকাৰৰ স্বাস্থ্য বিভাগ। ভাৰত চৰকাৰৰ Cowin পৰ্টেলৰ তথ্য অনুসৰি, আজি বিয়লি ৰাজ্যত প্ৰথম পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যাই অতিক্ৰম কৰিলে ২ কোটিৰ সীমা।

Covid Vaccine

আনহাতে, আজি বিয়লি ৩.৩০ বজালৈকে ৰাজ্যৰ ৭৬,০৬,৩৩৭ গৰাকী লোকে দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে। ইয়াকে ধৰি ৰাজ্যবাসীৰ মাজত আজিলৈকে মুঠ ২,৭৬,০৯,৯৬০ পালি ক’ভিড ভেকচিন প্ৰদান কৰিলে স্বাস্থ্য বিভাগে।

Category
Profile picture for user UB Photos