দুৰ্গোত্সৱলৈ মাজত মাত্ৰ কেইটামান দিন, শেষ পৰশ দিয়াত ব্যস্ত মৃন্ময় শিল্পী

Durga Murti

নিয়ৰৰ কোমল দলিছাৰে খোজ পেলাই পদূলিমুখ আহি পালেহি প্ৰাণোচ্ছল শৰৎ। প্ৰকৃতি যেন হৈ পৰিছে এখনি শুভ্ৰ দলিছা। চাৰিওদিশে কেৱল শৰৎৰ সুগন্ধি। নৈৰ পাৰত কঁহুৱাবোৰে প্ৰাণ পাই উঠিছে। নিয়ৰে শাত পেলাইছে নিশাৰ আঁচল। শৰৎ মানেই এক কবিতা কবিতা লগা শিহৰণ। শৰৎ মানেই উৎসৱৰ বতৰা ৷

সমাগত শাৰদীয় দূৰ্গা পূজা ৷ যাৰ বাবে দিনৰাতি এক কৰি এতিয়া দূৰ্গাৰ প্ৰতিমা বনোৱাত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল ৷

দৰঙতো দূৰ্গাৰ প্ৰতিমা বনোৱাত ব্যস্ত হৈ পৰিছে অসমীয়া যুৱক ৷ কেইবাখনো পূজা সমিতিৰ বাবে বনাইছে দূৰ্গাৰ প্ৰতিমা ৷ প্ৰতিটো দূৰ্গাৰ প্ৰতিমাৰ বাবে লাভ কৰিব ২০ৰ পৰা ৫০ হাজাৰ টকা ৷

Category
Profile picture for user UB Photos