আজি জয়ন্ত হাজৰিকাৰ ৭৮সংখ্যক জন্ম বাৰ্ষিকী

Today is the 78th birth anniversary of Jayant Hazarika

আজি জয়ন্ত হাজৰিকাৰ ৭৮সংখ্যক জন্ম বাৰ্ষিকী ৷

১৯৪৩ চনৰ ২০ ছেপ্তেম্বৰত জন্ম লাভ কৰা জয়ন্ত হাজৰিকাই জীৱন কালত তেওঁ কেইবাটাও জনপ্ৰিয় গীত ৰচনা কৰি থৈ গৈছে৷ মঙলদৈৰ এটি সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা ‘ৰাণা দা’ সৰুকালৰ পৰাই সংগীতৰ মাজতে ডাঙৰ-দীঘল হৈছিল৷

তেওঁ গুৱাহাটীৰ সোণাৰাম হাইস্কুলত অধ্যয়ন কৰিছিল যদিও মেট্ৰিকৰ দেওনাখন পাৰ হ’ব নোৱাৰিলে৷ ইয়াৰ পিছতে তেওঁ কলকাতালৈ গৈ আগলি বতাহে কঁপালে কলৰে পাত’, ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’ নামৰ গীত HMVৰ সৈতে বাণীবদ্ধ কৰে৷ দুয়োটা গীতে তাৎক্ষণিকভাৱে জনপ্ৰিয় হৈ পৰে আৰু জয়ন্ত হাজৰিকাৰ পেচাগত সংগীতৰ কেৰিয়াৰ আৰম্ভ হয়৷ তাৰ পাছতে তেওঁ কেইবাটাও গীতত কণ্ঠদান কৰে৷

ভূপেন হাজৰিকাৰ পৰিচালিত ছবি ‘চিকমিক বিজুলী’ আছিল জয়ন্ত হাজৰিকাই ছবিৰ বাবে ৰচনা কৰা প্ৰথমটো গীত৷ ১০৭১ চনত ‘বনৰীয়া ফুল’ ছবিখনৰ জৰিয়তে জয়ন্ত হাজৰিকাই স্বাধীন সংগীত পৰিচালক হিচাপে যাত্ৰা আৰম্ভ কৰিছিল৷

১৯৭৭ চনত ৰাণা দাই ‘নতুন আশা’ ছবিখনৰ সংগীত বাণীবদ্ধ কৰিবলৈ কলকাতালৈ যায়৷ তাতেই ৰোগত আক্ৰান্ত হৈ মাত্ৰ ৩৪ বছৰ বয়সতে মৃত্যুক সাৱটি লয় ৰাণা দাই৷

Category
Profile picture for user UB Photos