শনিবাৰে ধুবুৰীত হোৱা ভয়ংকৰ পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ৷
শনিবাৰে নিশা বগৰিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ছাতাগুৰী ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত WB 63 A /9912 নন্বৰৰ ব্ৰয়ইলাৰ ভৰ্ত্তি বলেৰো পিকাআপ ভেন এখনত পৰ্ব্বতঝোৰা মহকুমাৰৰ মহকুমা আৰক্ষী বিষয়াৰ AS 16 E 193 নন্বৰৰ এছকৰ্ট বাহন এখনে তীব্ৰ বেগে পিছফালে খুন্দা মাৰৰ ফলত ভয়ংকৰ পথ দূৰ্ঘটনা সংগঠিত হয়৷ দূৰ্ঘটনাত আৰক্ষীৰ বাহনৰ চালক বিজু বৰ্মন ঘটনাস্থলীত নিহত হোৱাৰ লগতে তিনিজনকৈ আৰক্ষীৰ লোক গুৰুত্বৰ ভাৱে আহত হয়৷
ইতিমধ্য দূৰ্ঘটনাত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত তিনিজন আৰক্ষীক উন্নত চিকিৎসাৰ বাৱে গুৱাহাটীলৈ প্ৰেৰন কৰে৷
এই ঘটনাক কেন্দ্ৰ কৰি আজি বগৰিবাৰীৰ মহামায়া ৰাষ্ট্ৰীয় ঘাই পথত বিভিন্ন দাৱীৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে৷
- Log in to post comments