কি নিয়ম মানি চলিব লাগিব দুৰ্গা পূজাত? ৰাজ্য চৰকাৰে জাৰি কৰিলে SOP

special SOP For Durga Puja

ৰাজ্যত এতিয়া শাৰদীয় দূৰ্গাপূজা, কালীপূজা, দীপাৱলীৰ উৎসৱৰ বতৰ আহিছে।

আগন্তুক উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই সময়ছোৱাত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে কেতবোৰ জৰুৰী সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণেৰে আগন্তুক দূৰ্গাপূজা তথা শাৰদীয় বতৰৰ উৎসৱক সামৰাকৈ এখন নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ'পি) কাৰ্যকৰী কৰিছে ৰাজ্য চৰকাৰে।

শাৰদীয় দুৰ্গোৎসব, কালীপূজা, দীপাৱলী কিছু নীতি নিয়মৰ মাজেৰে পালন কৰিব পাৰিব। পূজা কমিটিযে উপায়ুক্তৰ পৰা অনুমতি অনুমতি লোৱাৰ লগতে ক’ভিডবিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব।

(১) প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দূৰ্গাপূজা পালন কৰি অহা পূজা কমিতি/আয়োজক সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় ক'ভিড প্ৰট'কলৰ বিষয়ে অৱগত কৰিব।

(২) জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক'ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব। একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাষ দিব লাগিব।

◆ পূজাস্থলীত ল'ব লগা বিশেষ ব্যৱস্থাৱলী:

(১) পূজাস্থলী যথেষ্ট আহল-বহল হ'ব লাগিব আৰু কেউফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব। দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক'ভিড বিধি অনুসৰণ কৰিব পৰাকৈ প্ৰতিখন পূজাস্থলী/পূজামণ্ডপত যথেষ্ট ঠাই থাকিব লাগিব।

(২) পূজামণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব। প্ৰৱেশ পথৰ পৰা প্ৰস্থানলৈকে উপযুক্ত ফলক দৰ্শনাৰ্থীৰ চকুত পৰাকৈ আয়োজকে আঁৰি ৰাখিব লাগিব।

(৩) পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ'বলৈ দিব নোৱাৰিব।

(৪) দৰ্শনাৰ্থীয়ে ক'ভিড প্ৰট'কল মানি পূজামণ্ডপত সুশৃংখলিত ভাৱে সোমাব পৰাকৈ আয়োজকসকলে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োজিত কৰিব লাগিব। 

(৫) পূজাস্থলীত কোনো লোকৰ শৰীৰত সন্দেহজনক ক'ভিড সংক্ৰমণৰ লক্ষণ পৰিলক্ষিত হ'লে আয়োজক সমিতিয়ে ততালিকে এই বিষয়ে জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ লগতে সংশ্লিষ্ট লোকজনক নিকটৱৰ্তী ক'ভিড পৰীক্ষা কেন্দ্ৰলৈ স্থানান্তৰিত কৰিব লাগিব।

◆ আয়োজক, স্বেচ্ছাসেৱক, পূজাৰী, ভক্ত/দৰ্শনাৰ্থীৰ বাবে নিয়মাৱলী:

(১) আয়োজক সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীৰ লগতে ভক্ত-দৰ্শনাৰ্থীসকলে কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা হ'ব লাগিব।

(২) জিলা প্ৰশাসনে অনুমতি প্ৰদানৰ সময়তে আয়োজক সমিতিৰ পৰা বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীয়ে কমেও এপালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো Random Checkingৰ দ্বাৰা সুনিশ্চিত কৰিব। অন্যথা অনুমতি দিব নোৱাৰিব।

(৩) কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব। এপালিও প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্দ্ধৰ কোনো লোকেই পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব। এইক্ষেত্ৰত  ১৮ বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব।

(৪) প্ৰতিখন পূজাস্থলীৰ প্ৰতিগৰাকী আয়োজক, স্বেচ্ছাসেৱক আৰু পূজাৰীৰ ক্ষেত্ৰত পূজা আৰম্ভণিৰ পূৰ্বে পঞ্চমীৰ দিনা ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক। একাদশীৰ দিনা প্ৰতিমা বিসৰ্জনৰ পাছতো তেওঁলোক প্ৰত্যেকেই পুনৰ ক'ভিড পৰীক্ষা কৰাব লাগিব।

◆ পূজাৰ দিনকেইটাত ভক্ত-দৰ্শনাৰ্থীৰ আহ-যাহ বিষয়ক নিয়মাৱলী:

(১) অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এএছডিএমএ)-এৰ  সান্ধ্য আইনৰ সময়সীমা সকলোৱেই মানি চলিব লাগিব।

(২) অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পূজামণ্ডপ দৰ্শনাৰ্থীৰ বাবে মুকলি ৰখাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা সকলো পূজা সমিতিয়ে কঠোৰ ভাৱে মানি চলিব লাগিব। নিশা নিৰ্ধাৰিত সময়ত পূজা মণ্ডপৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি আয়োজক সমিতি সেইদিনাৰ বাবে পূজামণ্ডপৰ কাৰ্যসূচী সামৰাটো জিলা প্ৰশাসনে সুনিশ্চিত কৰিব।

◆ পূজাত সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন আদি বিষয়ত প্ৰযোজ্য হ'ব লগা নিয়ম:

(১) ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজহুৱা জনসমাগমৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা অনুসৰি দূৰ্গাপূজাৰ আগে-পাছে বা পূজাৰ কেইদিনত সাংস্কৃতিক সন্ধিয়া আদি কাৰ্যসূচীৰ আয়োজনত কঠোৰ বাধানিষেধ প্ৰযোজ্য হ'ব। 

(২) আয়োজক সমিতি বা আন কোনেও পূজাস্থলীৰ বাহিৰত বা সমীপত কোনো মেলা আদি পাতিব নোৱাৰিব।

(৩)  পূজামণ্ডপৰ সমীপৰ পথত দোকান আদি খুলিবলৈ জিলা প্ৰশাসনৰ পৰা আগতীয়া অনুমতি ল'ব লাগিব। ক'ভিড বিধি কাৰ্যকৰী কৰিহে প্ৰশাসনে অনুমতি দিব।

◆ পূজা মণ্ডপ মুকলি অনুষ্ঠান আৰু প্ৰতিমা বিসৰ্জন সম্পৰ্কীয় নিয়মাৱলী: 

(১) আয়োজক সমিতিয়ে ক'ভিড প্ৰট'কল ৰক্ষা কৰি দূৰ্গাপূজা মণ্ডপৰ উদ্বোধনী অনুষ্ঠান আৰু প্ৰতিমা বিসৰ্জন পৰ্ব তেনেই সাধাৰণ ভাৱে সম্পন্ন কৰিব লাগিব। পৰাপক্ষত ভাৰ্চুৱেল পদ্ধতিৰেই মণ্ডপ উদ্বোধন কৰাটোৱেই হ'ব সুৰক্ষিত পন্থা।

(২) ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অনুমতি দিয়া সীমিত সংখ্যক লোকৰ দ্বাৰা দাঙিব পৰাকৈ প্ৰতিমাৰ আকাৰো যথাসম্ভৱ সীমিত কৰি ৰাখিব লাগিব আয়োজক সমিতিয়ে।

(৩) প্ৰতিমা বিসৰ্জনৰ বাবে ঘাটসমূহ আগতীয়াকৈ ছেনিটাইজ কৰি ৰাখিব লাগিব আৰু আয়োজক সমিতিয়ে মণ্ডপৰ প্ৰতিমা উলিয়াই নি আন ক'তো নৰখোৱাকৈ পোনে পোনে নিৰ্দিষ্ট ঘাটতত বিসৰ্জন দিব লাগিব।

(৪) বিসৰ্জনৰ বাবে জিলা প্ৰশাসনে আগতীয়াকৈ যথোচিত পৰিকল্পনা প্ৰস্তুত কৰিব আৰু প্ৰত্যেক আয়োজক সমিতিক আগতীয়াকৈ বিসৰ্জনৰ সময় নিৰ্ধাৰণ কৰি দিব। পূজা মণ্ডপৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজন হ'লে বিসৰ্জন পৰ্ব দুদিন বা ততোধিক দিনত সম্পন্ন কৰাৰ বাবে আগতীয়া সিদ্ধান্ত ল'ব প্ৰশাসনে।

(৫) ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পূজা আয়োজক সমিতিসমূহৰ বাবে ধাৰ্য কৰা সীমিত সংখ্যক লোকেহে প্ৰতিমা বিসৰ্জনত ভাগ ল'ব পাৰিব।

(৬) বিসৰ্জনস্থলীত নিয়োজিত স্বেচ্ছাসেৱক আৰু শ্ৰমিকসকলৰ সকলোৱেই ক'ভিড প্ৰতিষেধক লোৱা লোক হ'ব লাগিব।

উল্লেখ্য যে অহা ১৭ ছেপ্তেম্বৰত ৰাজ্যত পুনৰ 'মেগা ক'ভিড ভেক্সিনেছন'  কাৰ্যসূচী হাতত ল'ব স্বাস্থ্য বিভাগে। সেইদিনা কমেও ৭ লাখ লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা ।

আনহাতে অহা ১০ অক্টোবৰৰ ভিতৰতে ৰাজ্যখনৰ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো লোককে প্ৰথম পালি ক'ভিড প্ৰতিষেধক প্ৰদানৰ পৰিকল্পনা লৈছে স্বাস্থ্য বিভাগে।

Category
Profile picture for user UB Photos