
কহুৱা ফুলা বতৰত শেৱালি সুগন্ধিৰে আগমন ঘটিল শৰতৰ ।
মাজত মাত্ৰ এটা দিন বাকি, ১৭ ছেপ্টেম্বৰত ৰাজ্যজুৰি পালন কৰিব বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা।
কভিড সৃষ্ট পৰিবেশৰ মাজতে বিশ্ব খনিকৰক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী।
গুৱাহাটী মহানগৰৰ বজাৰত ভৰি পৰিছে বিশ্বকৰ্মা মূৰ্তি লগতে বিভিন্ন মালা আৰু পূজা সামগ্রী।
যদিও ৰাজ্য চৰকাৰে পূজা সন্দভত জাৰি কৰা নাই কোনো নীতি নিৰ্দেশনা তথাপিও মনত বহু আশা লৈ ওলাই আহিছে ব্যৱসায়ী সকল।
এইবাৰ কভিড সৃষ্ট পৰিবেশৰ মাজতে ৰাজ্যবাসীয়ে উদযাপন কৰিব বিশ্বকৰ্মা পূজা।
Category
- Log in to post comments